অসম

assam

ETV Bharat / state

গোলাঘাট নগৰৰ মাজমজিয়াত বাঘৰ মুক্ত বিচৰণ; আতংকিত ৰাইজ - মোবাইল কেমেৰা

বাঘৰ মুক্ত বিচৰণক লৈ বন বিভাগে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত কৰিছিল নগৰবাসীয়ে। বন বিভাগৰ লোকে আশ্বাস প্ৰদান কৰিছিল এটা পিঞ্জৰা স্থাপন কৰাৰ; কিন্তু এই পৰ্যন্ত পিঞ্জৰা নিদিলে বন বিভাগৰ লোকে l

golaghat-tiger-story
গোলাঘাট নগৰৰ মাজমজিয়াত বাঘৰ মুক্ত বিচৰণ, আতংকিত ৰাইজ !

By

Published : Oct 15, 2020, 6:48 PM IST

গোলাঘাট, 15 অক্টোবৰ : গোলাঘাট নগৰৰ মাজমজিয়াত বাঘৰ মুক্ত বিচৰণে আতংকিত কৰিছে সকলোকে। এইবাৰ বনৰজাৰ মুক্ত বিচৰণ দেখিবলৈ পোৱা গৈছে গোলাঘাট নগৰত। নগৰৰ মাজমজিয়াত বাঘৰ মুক্ত বিচৰণে আতংকিত কৰিছে সকলোকে। বাঘৰ মুক্ত বিচৰণৰ দৃশ্য মোবাইলৰ কেমেৰাত আৱদ্ধ হ'ল গোলাঘাটৰ চন্দন নগৰত। মোবাইল কেমেৰাত আৱদ্ধ হোৱা বাঘটো নাহৰফুটুকী হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে। চন্দন নগৰৰ নামঘৰৰ মুখ্য দ্বাৰত ৰৈ থকা অৱস্থাত কেমেৰাত আৱদ্ধ হয় বাঘটো।

গোলাঘাট নগৰৰ মাজমজিয়াত বাঘৰ মুক্ত বিচৰণ, আতংকিত ৰাইজ !

বিগত তিনি দিন ধৰি গোলাঘাট নগৰত বাঘৰ বিচৰণত আতংকিত হৈ পৰিছে নগৰবাসী। ভয়ত দিনতে দোৱাৰ খিৰিকী বন্ধ কৰি ভিতৰত সোমাইছে স্থানীয় ৰাইজ। নগৰখনৰ চন্দন নগৰ,ৰংপুৰকে ধৰি বহু কেইটা অঞ্চলৰ স্থানীয় লোকে প্ৰত্যক্ষ কৰিছে পোৱালি সহ বাঘটোক। তিনিদিন পূৰ্বৰে পৰা বাঘটোৱে নগৰৰ বিভিন্ন অঞ্চলত ভূমুকি মাৰিছে। বাঘৰ মুক্ত বিচৰণক লৈ বন বিভাগে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত কৰিছিল নগৰবাসীয়ে।

বন বিভাগৰ লোকে আশ্বাস প্ৰদান কৰিছিল এটা পিঞ্জৰা স্থাপন কৰাৰ; কিন্তু এই পৰ্যন্ত পিঞ্জৰা নিদিলে বন বিভাগৰ লোকে l এতিয়া গোলাঘাট নগৰত এইধৰণে বাঘে পোৱালি সহ মুক্ত বিচৰণৰ দৃশ্যই আতংকিত কৰিছে নগৰবাসীক।

লগতে পঢ়ক: সোণোৱাল চৰকাৰ এখন অদক্ষ চৰকাৰ: অসম জাতীয় পৰিষদ

ABOUT THE AUTHOR

...view details