গোৱালপাৰা, 14 নৱেম্বৰ : গোৱালপাৰাত পুনৰ সংঘটিত হৈছে গুলীচালনাৰ ঘটনা ৷ শুকুৰবাৰে নিশা এগৰাকী ব্যৱসায়ীক বিচাৰি চলোৱা অভিযানৰ সময়তে সংঘৰ্ষ ঘটিছিল আৰক্ষী আৰু অপহৰণকাৰীৰ মাজত ৷ উক্ত ঘটনাৰ পিছতে অভিযান দুগুণে তীব্ৰতৰ কৰি তুলিছিল আৰক্ষীয়ে ৷
প্ৰকৃততে ঘটনাটো এনেধৰণৰ যে, বিগত কিছুদিন পূৰ্বে পেটকাটাৰ পৰা অপহৰণ কৰা হৈছিল এগৰাকী ব্যৱসায়ীক ৷ অপহৃত ব্যৱসায়ীগৰাকীৰ সন্ধান অব্যাহত ৰখা আৰক্ষী(Goalpara police) শুকুৰবাৰে নিশা মুখামুখি হৈছিল অপহৰণকাৰী দলটোৰ সৈতে ৷ সেই সময়তে দুয়োপক্ষৰ মাজত সংঘটিত হয় গুলীচালনাৰ ঘটনা ৷ ইয়াৰ পিছতে আৰক্ষীয়ে কৰায়ত্ত কৰে ছাদ্দাম মাৰাক ওৰফে ছাদ্দাম হুছেইন নামৰ অপহৰণকাৰীটোক ৷
লগতে চাওক:Encounter at Goalpara : কৃষ্ণাইৰ পেটকাটাত আৰক্ষী-অপহৰণকাৰীৰ মাজত গুলীয়াগুলি
এই ঘটনাৰ এদিন পিছতে অৰ্থাৎ শনিবাৰে পুনৰ আৰক্ষীয়ে কৰে গুলীচালনা ৷ গোৱালপাৰাৰ দামৰাত সংঘটিত উক্ত ঘটনাত আহত হয় ছাদ্দাম হুছেইন ৷ আহত ছাদ্দামৰ ঘৰ মানকাচৰৰ সুখচৰত ৷ ছাদ্দাম হুছেইনৰ নেতৃত্বতে 9 নৱেম্বৰত পেটকাটাৰ পৰা অপহৰণ কৰা হৈছিল ব্যৱসায়ী ৰবিউল আলমক ৷ অৱশেষত আৰক্ষীয়ে অভিযান চলাই ৰবিউল আলমক মেঘালয়ৰ পৰা সোঁ-শৰীৰে উদ্ধাৰ কৰে ৷
আৰক্ষীয়ে ছাদ্দাম হুছেইনৰ সৈতে আন এটা অপহৰণকাৰীক কৰায়ত্ব কৰিবলৈ যাওতেই ছাদ্দামে আৰক্ষীৰ হাতৰ পৰা পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা চলায় ৷ যাৰ পৰিপ্ৰেক্ষিতত ছাদ্দামক উদ্দেশ্যি আৰক্ষীয়ে গুলীচালনা কৰে ৷
সম্প্ৰতি আহত ছাদ্দাম চিকিৎসাধীন হৈ আছে গোৱালপাৰা অসামৰিক চিকিৎসালয়(Goalpara Civil Hospital)ত ৷ ব্যৱসায়ী অপহৰণৰ মাষ্টাৰ মাইণ্ড ছাদ্দাম হুছেইনৰ উপৰিও ইয়াত জড়িত আন পাঁচজন অপহৰণকাৰীকো কৰায়ত্ত কৰিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে, জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাৰ নেতৃত্বত চলিছিল এই অভিযান ৷
লগতে চাওক:Ambush In Manipur : সুমন স্বৰ্গীয়াৰীৰ মৃত্যুৰ খবৰত শোকস্তব্ধ বাক্সা