অসম

assam

গোৱালপাৰাত ভূমিস্খলনৰ বুজ ল’লে বদৰুদ্দিন আজমলে

By

Published : Jun 22, 2022, 5:27 PM IST

গোৱালপাৰা চহৰৰ চন্দৰীয়া পাহাৰত হোৱা ভূমিস্খলনৰ বুজ ল’বলৈ চন্দৰীয়াত উপস্থিত সাংসদ বদৰুদ্দিন আজমল (Landslide in Goalpara) ৷ ভূমিস্খলনত ক্ষতি হোৱা প্ৰতিটো পৰিয়ালক এহেজাৰ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰে সাংসদ গৰাকীয়ে ৷

goalpara-landslide-visit-badruddin-ajmol
গোৱালপাৰাত ভূমিস্খলনৰ বুজ ল’লে বদৰুদ্দিন আজমলে

গোৱালপাৰা, 22 জুন: ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে ভূমিস্খলনৰ ঘটনা ৷ ঠায়ে ঠায়ে ভূমিস্খলনৰ ফলত ব্যাপক ক্ষতি জনসাধাৰনৰ ৷ গোৱালপাৰা চহৰৰ চন্দৰীয়া পাহাৰতো সংঘটিত হৈছিল ভূমিস্খলনৰ ঘটনা (Landslide in Goalpara) ৷ বুধবাৰে ভূমিস্খলন হোৱা ঘটনাৰ বুজ ল’বলৈ গোৱালপাৰা চহৰৰ চন্দৰীয়াত উপস্থিত হয় সাংসদ বদৰুদ্দিন আজমল (Badruddin Ajmal in Goalpara) ৷ চন্দৰীয়া পাহাৰত ভূমিস্খলনৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লৈ ক্ষতি হোৱা প্ৰতিটো পৰিয়ালক এহেজাৰ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰে সাংসদগৰাকীয়ে ৷

গোৱালপাৰাত ভূমিস্খলনৰ বুজ ল’লে বদৰুদ্দিন আজমলে

উল্লেখ্য যে, গোৱালপাৰাৰ চন্দৰীয়াত হুলুকাণ্ডা পাহাৰত হোৱা ভূমিস্খলনৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে গোৱালপাৰা জিলাৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ জিলাখনত দুদিন বাহৰ পাতিলে সাংসদ বদৰুদ্দিন আজমলে (Goalpara landslide visit Badruddin ajmol)। ইতিমধ্যে ৱাকালি দ্বাৰকাৰ বানাক্ৰান্ত লোকৰ অৱস্থাৰ বুজ ল’বলৈ গৈ সাংসদগৰাকীয়ে সাংবাদিকৰ পৰা জানিৱ পাৰিলে হুলুকাণ্ডা পাহাৰত হোৱা ভূমিস্খলনৰ ঘটনা বিৱৰণী ।

ইয়াৰ পিছতে বুধবাৰে পুৱা সাংসদগৰাকী উপস্থিত হয় চন্দৰীয়া ভূমিস্খলনত গৃহহাৰা হোৱা লোক সকলৰ কাষত । গৃহহাৰা লোক সকলৰ কাষত উপস্থিত হৈ প্ৰতিটো পৰিয়ালক ব্যক্তিগত ভাৱে এহাজাৰকৈ টকাৰে সহায় কৰে । লগতে বিষয় সন্দৰ্ভত আজি জিলা উপায়ুক্তৰে আলোচনাৰ কৰাৰ লগতে চৰকাৰকো অৱগত কৰিব বুলি কয় সাংসদগৰাকীয়ে । চহৰখন বচাব লাগিলে যিকোনো প্ৰকাৰে পাহাৰখনক ৰক্ষণাবেক্ষনৰ ব্যৱস্থা কৰিব লাগিব বুলিও উল্লেখ কৰে ।

লগতে পঢ়ক:এলেংমাৰীৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

ABOUT THE AUTHOR

...view details