অসম

assam

ETV Bharat / state

চিকিৎসকৰ গাফিলতিত প্ৰাণ গ'ল 27 দিনীয়া শিশুৰ ! - গাফিলতিৰ

শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি পৰিয়ালৰ লোকে অভিযোগ কৰে যে চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ গাফিলতিৰ ফলত বহু পূৰ্বতে মৃত্যু ঘটা শিশুটিক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ নাটক ৰচিছিল চিকিৎসালয় কৰ্তৃপক্ষই ৷

গোৱালপাৰাৰ 200 খন বিচনাযুক্ত অসামৰিক চিকিৎসালয়

By

Published : Oct 16, 2019, 3:01 PM IST

Updated : Oct 16, 2019, 4:06 PM IST

গোৱালপাৰা,16 অক্টোবৰ: বুধবাৰে গোৱালপাৰাৰ 200 খন বিচনাযুক্ত অসামৰিক চিকিৎসালয়ত সংঘটিত হয় এক কৰুণ ঘটনা ৷ মঙলবাৰে সন্ধিয়া গোৱালপাৰাৰ দুধনৈ শান্তিপুৰৰ অজিত প্ৰসাদ উপাধ্যায় আৰু চঞ্জনা শৰ্মাৰ ২৭ দিনীয়া শিশুটিৰ অস্বাভাৱিকভাৱে পেটটো ফুলি থকা ফলত শিশুটিক পৰিয়ালৰ লোকে অসামৰিক চিকিৎসালয়খনত ভৰ্তি কৰে ৷ চিকিৎসকে শিশুটিক আই চি ইউত ভৰ্ত্তি কৰে যদিও পৰৱৰ্তী সময়ত চিকিৎসকে শিশুটিক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। কিন্তু বুধবাৰে পুৱা হঠাতে মৃত্যু ঘটে শিশুটিৰ।

27 দিনীয়া শিশুৰ মৃত্যু

শিশুটিৰ মৃত্যুক কেন্দ্ৰ কৰি পৰিয়ালৰ লোকে অভিযোগ কৰে যে,চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ গাফিলতিৰ ফলত বহু পূৰ্বতে মৃত্যু ঘটা শিশুটিক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ নাটক ৰচিছিল চিকিৎসালয় কৰ্তৃপক্ষই ৷ এই ঘটনাৰ পাচতে আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু তদন্তৰ আশ্বাস প্ৰদান কৰে। এই মূহুৰ্তলৈ অভিভাৱকে শিশুটিৰ মৃতদেহ গ্ৰহণ কৰা নাই আৰু জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াও উপস্থিত হোৱা নাই বুলি জানিব পৰা গৈছে ।

Last Updated : Oct 16, 2019, 4:06 PM IST

ABOUT THE AUTHOR

...view details