অসম

assam

ETV Bharat / state

100 শতাংশ ভোটদানৰ লক্ষ্যৰে গোৱালপাৰা জিলা প্ৰশাসনৰ প্ৰশংসনীয় পদক্ষেপ - unique voting awareness program

ভোটাৰ ৰাইজক সজাগ কৰিবলৈ গোৱালপাৰা জিলা প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ হোলী উৎসৱৰ জৰিয়তে জিলা প্ৰশাসনে পুনৰবাৰ ৰাইজক সোঁৱৰাই দিলে 6 এপ্ৰিলৰ দিনটো ৷

Goalpara district administration unique voting awareness program
100 শতাংশ ভোটদানৰ লক্ষ্যৰে গোৱালপাৰা জিলা প্ৰশাসনৰ প্ৰশংসনীয় পদক্ষেপ

By

Published : Mar 29, 2021, 8:53 PM IST

গোৱালপাৰা,29 মাৰ্চ: তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো দুটা দিন বাকী থকাৰ সময়তে ভোটাৰ ৰাইজক সজাগ কৰিবলৈ গোৱালপাৰা জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ হোলী উৎসৱৰ জৰিয়তে জিলা প্ৰশাসনে পুনৰবাৰ ৰাইজক সোঁৱৰাই দিলে 6 এপ্ৰিলৰ দিনটো ৷ ভোটাৰৰ মাজত সজাগতা বৃদ্ধি কৰাৰ প্ৰয়াস হিচাপে সোমবাৰে জিলা উপায়ুক্ত কাৰ্যালয় চৌহদত মহিলা আৰু শিশু সকলৰ দ্বাৰা পৰিৱেশন কৰা হয় হোলী গীত ৷ লগতে বেচৰকাৰী সংস্থাৰ মহিলা সকলে বিভিন্ন ধৰণৰ হাতত পিন্ধা বেচলেট, বিভিন্ন ভাষাৰ লিখা 6 সংখ্যা, 6 আকৃতিৰ জিলেপী আদিৰ প্ৰস্তুত কৰাৰ উপৰিও জোতা সমূহতো 6 সংখ্যাটো ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায় ৷

100 শতাংশ ভোটদানৰ লক্ষ্যৰে গোৱালপাৰা জিলা প্ৰশাসনৰ প্ৰশংসনীয় পদক্ষেপ

মুঠতে জিলা প্ৰশাসনে যিকোনো প্ৰকাৰে এইবেলি নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনটোত অৰ্থাৎ 6 এপ্ৰিলত এশ শতাংশ ভোটদানৰ লক্ষ্য কৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ জিলাখনত 100 শতাংশ ভোট দানৰ লক্ষ্যৰে জিলা প্ৰশাসনে ইতিমধ্যে গ্ৰহণ কৰি আহিছে বিভিন্ন পদক্ষেপ ৷

লগতে পঢ়কঃবঢ়মপুৰত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

ABOUT THE AUTHOR

...view details