গোৱালপাৰা, 23 মাৰ্চঃ গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসালয় কৰ্তৃপক্ষই বিশেষ সতৰ্কতা মূলক ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । ইতিমধ্যে চিকিৎসালয়খনৰ প্ৰৱেশ দ্বাৰত চিকিৎসা কৰ্মীয়ে তীক্ষ্ম দৃষ্টি ৰাখিছে । প্ৰতিজন ৰোগীক কৰ'ণা ভাইৰাছ পৰীক্ষা কৰাৰ লগতে এজন ৰোগীৰ লগত এজন অভিভাৱকক প্ৰৱেশ কৰিব দিছে আৰু চিকিৎসালয় চৌহদত যাতে ৰোগীৰ বাহিৰে বাহিৰা লোক ভিৰ নকৰে তাৰ প্ৰতিও দৃষ্টি ৰাখিছে । ১০ বছৰৰ তলৰ আৰু ৬০ বছৰৰ ওপৰৰ লোকক চিকিৎসালয়ত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে । মহামাৰী কৰ'ণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজক সজাগ হ'বলৈ আহ্বান ডক্টৰ মণিকুন্তলা ভূঞাৰ । অযথা বাহিৰত থকাতকৈ নিজকে ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখক,এয়াই একমাত্ৰ উপায় । নহলে এই মহামাৰী কৰ'ণাৰ পৰা কোনেও ৰক্ষা নাপায় । সংকট জনক ৰোগীৰ বাহিৰে সৰু সৰু ৰোগ থকা ব্যক্তিক ঘৰতে থকাৰ নিৰ্দেশ চিকিৎসালয় কৰ্তৃপক্ষৰ ।
গোৱালপাৰাত চিকিৎসালয় কৰ্তৃপক্ষৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ - goalpara
গোৱালপাৰা অসামৰিক চিকিৎসালয়ত বিশেষ সতৰ্কতা মূলক ব্যৱস্থা ৷ চিকিৎসালয়খনত ১০ বছৰৰ তলৰ আৰু ৬০ বছৰৰ ওপৰৰ লোকক চিকিৎসালয়ত প্ৰৱেশ নিষিদ্ধ কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই ৷
গোৱালপাৰাত চিকিৎসালয় কৰ্তৃপক্ষৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ
আনহাতে, বহিঃ ৰাজ্যৰ পৰা অহা লোকসকলক নিজৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে নিজৰ পৰিচয় আৰু যোগাযোগ কৰিব পৰা নম্বৰ দিয়াৰ লগতে নিজকে ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান গোৱালপাৰা চিকিৎসালয় কৰ্তৃপক্ষৰ ।