গোৱালপাৰা,৮ নৱেম্বৰ :ৰাস উদযাপনত ব্যস্ত ৰাজ্যবাসী (Raas festival in Assam)। উজনি-নামনি সকলোতে ৰাসৰ ব্যাপক আয়োজন কৰা হৈছে । কিন্তু তাৰ মাজত ৰাজ্যত কেইবাটাও শোকাৱহ ঘটনা সংঘটিত হৈছে । গোৱালপাৰা জিলাত একে নিশাই সংঘটিত হৈছে কেইবাটাও পথ দুৰ্ঘটনা (Road accident in Goalpara)। য'ত ৪ জনকৈ লোকে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে ।
সোমবাৰে নিশা গোৱালপাৰাৰ ৰংজুলি আৰু কৃষ্ণাইত সংঘটিত দুটা পৃথক পথ দুৰ্ঘটনা । এই দুটাকৈ দুৰ্ঘটনাত চাৰি জনকৈ যুৱক নিহত হোৱাৰ লগতে এজন যুৱক গুৰুতৰভাৱে আহত হৈছে (4 death in road accident in Goalpara)। প্ৰথমটো দুৰ্ঘটনা সংঘটিত হয় ৰংজুলি থানাৰ অন্তৰ্গত দৰংগিৰিৰ পেট্ৰ'ল ডিপোৰ সমীপৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ।
জানিব পৰা মতে AS-18-K-6829 নম্বৰৰ মটৰ চাইকেলেৰে তিনি যুৱকে দুধনৈৰ পৰা ৰাস মহোৎসৱ উপভোগ কৰি ধনুভাঙালৈ আহি থকা অৱস্থাত দৰংগিৰিৰ পেট্ৰ'ল ডিপোৰ সমীপত অচিনাকি বাহনে মটৰ চাইকেলখন খুন্দিয়াই থৈ যায় । ফলত দুজন যুৱক থিতাতে নিহত হয় । আনহাতে মটৰ চাইকেলখনত থকা আন এজন যুৱকক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও পৰৱৰ্তী সময়ত সেইজন যুৱকৰো মৃত্যু হয় । নিহত যুৱক কেইজন ক্ৰমে ধনুভাঙাৰ গুলিয়ানপাৰাৰ অৱনী বড়ো, দুধনৈৰ পুৰণিভিটাৰ জিতুল ৰাভা আৰু দুৰামাৰীৰ মানৱ বড়ো ৷