অসম

assam

ETV Bharat / state

Sand smuggling in Assam:গোৱালপাৰাত ৰাষ্ট্ৰীয় ঘাইপথেৰেই চলিছে বালিভৰ্তি ডাম্পাৰ - গোৱালপাৰাত অব্যাহত চোৰাং বালিৰ সৰবৰাহ

গোৱালপাৰাত নিশা বন সুৰক্ষা বাহিনীৰ চোৰাং বালি ভৰ্তি ট্ৰাক ডাম্পাৰৰ বিৰুদ্ধে অভিযান । অভিযানত চালাবিহীন ৰঙা বালি ভৰ্তি ডাম্পাৰ জব্দ।অভাৰ লোডিং,অবৈধ চোৰাং বালিৰ বিৰুদ্ধে অব্যাহত থাকিব বন সুৰক্ষা বিভাগৰ অভিযান ।

Smuggling of sand in Goalpara
গোৱালপাৰাত অব্যাহত চোৰাং বালিৰ সৰবৰাহ

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 3:29 PM IST

গোৱালপাৰাত অব্যাহত চোৰাং বালিৰ সৰবৰাহ

গোৱালপাৰা, ১৫ ছেপ্টেম্বৰ: গোৱালপাৰাত অব্যাহত আছে চোৰাং বালিৰ সৰবৰাহ । যোৱা বৃহস্পতিবাৰে নিশা জিলা বন সুৰক্ষা বাহিনীয়ে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চোৰাং বালি সৰবৰাহ কৰা ট্ৰাক,ডাম্পাৰৰ বিৰুদ্ধে অভিযান চলায় । এই অভিযানত দুধনৈৰ বনবাসীৰ সমীপৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চোৰাং বালি ভৰ্তি এখন ডাম্পাৰ জব্দ কৰে । এ এছ ০১ কিউ চি ৫৬৭৬ পঞ্জীয়ন নম্বৰৰ চোৰাং বালিভৰ্তি ডাম্পাৰখন মাটিয়া-দোমনীৰ পৰা নিশাৰ ভাগত অবৈধভাৱে ৪৬ নং ৰাজ্যিক ঘাইপথ হৈ দুধনৈৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটী অভিমুখে অভাৰলোডিং কৰি বালি কঢ়িয়াই আছিল । সেই সময়তে নিশা ১০ বজাত ডাম্পাৰখন জব্দ কৰে অভিযানকাৰী দলটোৱে ।

জব্দকৃত ডাম্পাৰখনখনত চালানবিহীনভাৱে বালি কঢ়িয়াই লৈ যোৱা অৱস্থাত জব্দ কৰে । পিচত জব্দকৃত ডাম্পাৰখন নিশাই জিলা বন সংমণ্ডল কাৰ্যালয়লৈ অনা হয় । ইপিনে,চোৰাং বালিভৰ্তি ডাম্পাৰখনৰ চালক আৰু হেণ্ডিমেনক আটক কৰে বন সুৰক্ষা বাহিনীয়ে । উল্লেখ্য যে,বন বিভাৰ কঠোৰ নিয়ম অনুসৰি সন্ধিয়া ছয় বজাৰ পিচত মহলত বালি উত্তোলন কৰা আৰু বালি কঢ়িওৱা ট্ৰাক,ডাম্পাৰ বা যিকোনো সৰু-বৰ বাহন মহলত প্ৰৱেশ কৰাটো সম্পূৰ্ণ নিষিদ্ধ । তেনেদৰে সন্ধিয়া ছয় বজাৰ পিচত কোনো চালান দিয়াৰো নিয়ম নাই। কিন্তু তৎসত্বেও বন আৰু খনি বিভাগৰ সকলো কঠোৰ নীতি-নিয়মক অংগুষ্ঠ প্ৰদৰ্শন কৰি দুধনৈ,মাটিয়া দোমনী,কৃষ্ণাই,বলবলা,লক্ষীপুৰ আদিৰ একাংশ মহলৰ পৰা নিশাৰ ভাগতো ব্যাপক হাৰত ট্ৰাক,ডাম্পাৰেৰে চালানবিহীনভাৱে ৰাজপথেৰে মুকলিকৈ চোৰাংকৈ ৰঙা বালি সৰবৰাহ কৰি আছে । পৰিণতিত বিভাগে বুজন পৰিমাণৰ ৰাজহৰ পৰা বঞ্চিত হৈ আহিছে ।

এই ক্ষেত্ৰত গোৱালপাৰা,লক্ষীপুৰ,ৰংজুলি আৰু কৃষ্ণাই মধ্য আঞ্চলিক বন বিভাগ নীৰৱ দৰ্শকৰ ভুমিকা লোৱা পৰিলক্ষিত হৈছে। চোৰাং বালি সৰবৰাহকাৰীসকলৰ লগত আঞ্চলিক বন বিভাগৰ লগত গোপন মিতিৰালি থকাৰ বাবেই এইদৰে মুকলিকৈ ঘাইপথেৰে চোৰাং বালি সৰবৰাহ হৈ থকাৰ মুকলি অভিযোগ উত্থাপিত হৈছে । ৰঙা বালিকে ধৰি বনজ সম্পদৰ চোৰাং কাৰবাৰৰ বিৰুদ্ধে বাতৰি প্ৰকাশ হ'লেহে এই আঞ্চলিক বন বিভাগে ৰাইজক বা ঊৰ্ধ্বতন কৰ্তৃপক্ষক দেখুৱাবলৈ দুই-এদিনৰ বাবে সক্ৰিয় হৈ পৰে । পৰিস্থিতি শাম কাটিলে পুনৰ নিস্ক্ৰিয় হয় ।

এনে প্ৰেক্ষাপটত জিলা বন সুৰক্ষা বাহিনীয়ে নিশাৰ‌ ভাগত চলা এই চোৰাং বালি সৰবৰাহৰ বিৰুদ্ধে যোৱা নিশাৰ পৰা কঠোৰ হোৱা পৰিলক্ষিত হৈছে । নিশাৰ ভাগত ৰাজপথেৰে অবৈধভাৱে চোৰাং বালি সৰবৰাহ কৰা ট্ৰাক,ডাম্পাৰৰ বিৰুদ্ধে অভিযান আগলৈ অব্যাহত থাকিব বুলি জিলা বন সুৰক্ষা বাহিনীৰ নৱ নিযুক্ত বন বিষয়া উপেন দাসে কয় ।

লগতে পঢ়ক:SI Karabi Saikia Suspended: মঙলদৈ সদৰ থানাৰ SI কৰবী শইকীয়াক নিলম্বন

ABOUT THE AUTHOR

...view details