অসম

assam

ETV Bharat / state

গোৱালপাৰাত বিজেপি সংখ্যালঘু মৰ্চাৰ গুৰুত্বপূৰ্ণ সভা - সংখ্যালঘু মৰ্চা

২১ৰ বিধান সভা নিৰ্বাচনত গোৱালপাৰা জিলাৰ তিনিটা সমষ্টি বিজেপিয়ে দখল কৰিব বুলি এখন সভাত মন্তব্য কৰে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সম্পাদক শ্বহিদুল ইছলামে।

গোৱালপাৰাত বিজেপি সংখ্যালঘূ মৰ্চাৰ গুৰুত্বপূৰ্ণ সভা
গোৱালপাৰাত বিজেপি সংখ্যালঘূ মৰ্চাৰ গুৰুত্বপূৰ্ণ সভা

By

Published : Oct 11, 2020, 10:37 PM IST

গোৱালপাৰা, 11 অক্টোবৰ:গোৱালপাৰা ত বিজেপিৰ সংখ্যালঘূ মৰ্চাৰ গোৱালপাৰা জিলা সমিতিৰ বিষয় ববীয়া সভা এখন অনুষ্ঠিত হয় । উল্লেখযোগ্য যে, শতাধিক সদস্যৰ উপস্থিতিত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সম্পাদক শ্বহিদুল ইছলামৰ বিস্ফোৰক মন্তব্য কৰে যে, 2021 চনৰ বিধান সভা নিৰ্বাচনত গোৱালপাৰা জিলাৰ তিনিটা সমষ্টি দখল কৰিব বিজেপিয়ে।


গোৱালপাৰা চহৰৰ পৌৰসভা কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ গোৱালপাৰা জিলা সমিতিৰ বিষয়ববীয়া সভা অনুষ্ঠিত হয় । বিজেপিৰ গোৱালপাৰা সংখ্যালঘু মৰ্চাৰ সভাপতি আবু বক্কৰ ছিদ্দিকৰ সভাপতিত্বত অনুষ্ঠিত বিষয়ববীয়া সভাত বিজেপি দলৰ কেবাগৰাকী নেতাই অংশ গ্ৰহণ কৰে ।

বিজেপিৰ অসম ৰাজ্যিক সংখ্যলঘু মৰ্চাৰ সম্পাদক তথা গোৱালপাৰা জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ প্ৰভাৰী ছহিদুল ইছলাম কয় যে কংগ্ৰেছ দলেই হৈছে সৰ্বকালৰ সাম্প্ৰদায়িক দল কিয়নো কংগ্ৰেছ চৰকাৰৰ দিনতেই বহু কেইটা গোষ্ঠীগত সংঘৰ্ষ সংঘটিত হৈছে যদিও কংগ্ৰেছ চৰকাৰে সংখ্যালঘু ৰাইজক কোনো ধৰণৰ ন্যায় দিব পৰা নাই । লগতে ইছলামে কয় যে, গোৱালপাৰা জিলাত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি আবু বক্কৰ ছিদ্দিকৰ নেতৃত্বত বহু যুৱক যুৱতীয়ে গোৱালপাৰা জিলাত ৰাইজক বিজেপি দলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে।২১ ৰ বিধান সভা নিৰ্বাচনত গোৱালপাৰা জিলাৰ মুঠ চাৰিটা সমষ্টিৰ ভিতৰত তিনিটা সমষ্টি বিজেপি দলে বিপুল ভোটেৰে জয় লাভ কৰিব বুলি বিস্ফোৰক মন্তব্য প্ৰদান কৰে।

গোৱালপাৰা জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ বিষয়ববীয়া সভাত বিজেপিৰ অসম ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সম্পাদক ৰহিম জিবৰান আৰু ওচমান গণিৰ লগতে গোৱালপাৰা জিলা বিজেপিৰ সাধাৰণ সম্পাদক সুচিত্রা নাথ আৰু সম্পাদক বিপুল ৰাভাৰ লগতে বহু কেইগৰাকী বিজেপি নেতা উপস্থিত থাকে।

ABOUT THE AUTHOR

...view details