অসম

assam

ETV Bharat / state

Public attack forest officer : বন বিভাগৰ লোকৰ ওপৰত আক্ৰমণ স্থানীয় ৰাইজৰ

গোৱালপাৰাৰ কুমাৰখালি সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত ধোখাপাৰাত উত্তপ্ত পৰিস্থিতি (Tense situation in Kumarkhali reserve forest)। অভিযানত যোৱা বন বিষয়া আৰু বনকৰ্মীৰ ওপৰত আক্ৰমণ কৰিলে একাংশ লোকে । বন বিভাগৰ বাহনত আক্ৰমণ ৰাইজৰ । ঘটনা সন্দৰ্ভত থানাত এজাহাৰ বন বিষয়াৰ ।

By

Published : Feb 27, 2023, 1:22 PM IST

Public attack forest officer
বন বিভাগৰ লোকৰ ওপৰত আক্ৰমণ স্থানীয় ৰাইজৰ

বন বিভাগৰ লোকৰ ওপৰত আক্ৰমণ স্থানীয় ৰাইজৰ

গোৱালপাৰা, ২৭ ফেব্ৰুৱাৰী :গোৱালপাৰাত চাঞ্চল্যকৰ ঘটনা । বনাঞ্চলিক বিষয়াক আক্ৰমণ কৰিলে একাংশ লোকে । কুমাৰখালি সংৰক্ষিত বনাঞ্চলৰ ধোখাপাৰাত সংঘটিত হৈছে এই ঘটনা (Kumarkhali reserve forest)। কৰ্মৰত অৱস্থাত থকা বন বিষয়া আৰু বন কৰ্মীক গাঁৱৰ একাংশ লোকে আক্ৰমণ কৰাৰ অভিযোগ । আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী বন বিষয়া ।

জানিব পৰা মতে শাল গছ কটাত বাধা দিয়াৰ বাবেই আক্ৰমণ কৰে ৰাইজে । গোৱালপাৰা জিলাৰ লক্ষীপুৰ আঞ্চলিক বন বিষয়া ধ্ৰুৱ দত্তক কৰ্তব্যৰত অৱস্থাত আক্ৰমণ কৰে কুমাৰখালি সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত ধোখাপাৰাৰ একাংশ লোকে । অভিযোগ অনুসৰি একাংশ বন মাফিয়াই বনাঞ্চলৰ গছ কটাৰ খবৰ পাই অভিযান চলাবলৈ গৈছিল বন বিষয়াসহ বনকৰ্মীৰ এটা দল । কিন্তু সেই স্থানত উপস্থিত হোৱাৰ পাছতে হাতে হাতে লাঠি লৈ একাংশ পুৰুষ-মহিলাই বন বিষয়া ধ্ৰুৱ দত্ত‌ৰ কনভয়ত আক্ৰমণ কৰে (Public attack forest officials)।

কথমপি প্ৰাণ ৰক্ষা পৰে বন বিষয়াসহ বন কৰ্মীসকলৰ । ইফালে উত্তেজিত ৰাইজে ফৰেষ্ট গাৰ্ড এজনক আৱদ্ধ কৰি বাইক পৰ্যন্ত জব্দ কৰি ৰাখে ধোখাপাৰাৰ একাংশ স্থানীয় লোকে । পৰিস্থিতি উত্তপ্ত দেখি বন বিষয়াই লক্ষীপুৰ আৰক্ষীক খবৰ দিয়াত পৰৱৰ্তী সময়ত লক্ষীপুৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বাইকখন‌ উদ্ধাৰ কৰি লৈ আহে । বন বিষয়াগৰাকীয়ে জনোৱা মতে নিশা কুমাৰখালি সংৰক্ষিত বনাঞ্চলৰ পৰা দুৰ্বৃত্তই শাল গছ কটা বুলি গোপন সূত্ৰৰ পৰা এক খবৰ লাভ কৰিছিল ।

লক্ষীপুৰ আঞ্চলিক বন বিষয়াসহ বনকৰ্মীৰ দল এটাই অভিযান চলাবলৈ গৈ ঘটনাস্থলীত ৫ টা মান শালৰ কুণ্ডা প্ৰত্যক্ষ কৰে । কুণ্ডা কেইটা জব্দ কৰি বন কৰ্মীসকলে আনিবলৈ চেষ্টা চলোৱাৰ সময়তে ধোখাপাৰাৰ একাংশ স্থানীয় লোকে বন বিভাগৰ দলটোৰ লগত কাজিয়াত লিপ্ত হয় (Clashes between forest officials and public)। বন বিভাগৰ দলটোক কৰ্তব্যত বাধা দি দলটোৰ ওপৰত আক্ৰমণো চলায় বুলি অভিযোগ কৰিছে বন বিষয়াগৰাকীয়ে । অভিযানকাৰী দলটোৰ বাহনটো আক্ৰমণ কৰে লোকসকলে ।

এই ঘটনা সন্দৰ্ভত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী বন বিষয়াই । লক্ষীপুৰ আৰক্ষীৰ সহযোগত বন বিভাগে পুনৰ অঞ্চলটোত অভিযান চলায় যদিও দুৰ্বৃত্তই সংৰক্ষিত বনাঞ্চলৰ পৰা কটা শাল গছৰ কুণ্ডাবোৰ লুকোৱাই থয় । ইফালে বন বিভাগৰ দলটোৰ ওপৰত আক্ৰমণ চলোৱা ব্যক্তিক চিনাক্ত কৰিবলৈ সক্ষম হৈছে বুলি লক্ষীপুৰ আঞ্চলিক বন বিষয়া ধ্ৰুৱ দত্ত‌ই জানিবলৈ দিয়ে ।

লগতে পঢ়ক :Land clash: ভূমিক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত তীব্ৰ কাজিয়া

ABOUT THE AUTHOR

...view details