অসম

assam

ETV Bharat / state

জাৰিহাত বিধ্বস্ত পথে জলা-কলা খুৱাইছে ৰাইজক - দলং

জাৰিহাৰ ৰাইজে দীৰ্ঘ দিন ধৰি স্থানীয় বিধায়কৰ লগতে গড়কাপ্তানী বিভাগক দলং দুখন নিৰ্মাণ কৰিবলৈ অনুৰোধ কৰি আহিছিল যদিও কোনো দিনে ৰাইজৰ সমস্যাৰ প্ৰতি গুৰুত্ব নিদিলে স্থানীয় বিধায়কৰ লগতে বিভাগীয় কৰ্তৃপক্ষই । অৱশেষত ৰাইজ অতিষ্ঠ হৈ পথটোত থকা পুৰণি বাঁহৰ দলংখনকেই মেৰামতি কৰিবলৈ ওলায় আহিল ।

জাৰিহাত বিধ্বস্ত পথত অতিষ্ঠ ৰাইজ

By

Published : Jul 2, 2019, 9:44 PM IST


গোৱালপাৰা, ২ জুলাইঃগোৱালপাৰাৰ জাৰিহাত পথৰ বিধ্বস্ত ৰূপ । পথৰ জৰাজীৰ্ণ অৱস্থাই জ্বলা-কলা খুৱাইছে স্থানীয় ৰাইজৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীক। উপায়ন্তৰ হৈ ৰাইজে মেৰামতি কৰিলে পথটোত থকা বাঁহৰ দলং ।

গোৱালপাৰা ধূপধৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী জাৰিহা পথছোৱাৰ দুৰৱস্থাৰ বাবে খেতি পথাৰৰ কাম বাদ দি দলং মেৰামতিৰ বাবে ওলাই আহিবলগীয়া হৈছে । উক্ত পথচোৱাত থকা দুখন নদী পেটাবগলা আৰু মৰানদীৰ ওপৰত থকা দলং দুখনে টোপনি কাঢ়িছে স্থানীয় ৰাইজৰ । নদী দুখনৰ গভীৰতাৰ বাবে অভিভাৱক সকলে ল'ৰা-ছোৱালীক বিদ্যালয়লৈ পঠিয়াবৰ বাবে চিন্তাত পৰিছে । তাৰোপৰি সংকটজনক ৰোগীক চিকিৎসালয়লৈ নিবলৈ এম্বুলেঞ্চ আহিবলৈও নাই এটি পথ । সেয়ে বাৰিষা খেতি পথাৰৰ কাম বাদ দি ৰাইজে ছাত্ৰ-ছাত্ৰী সকলৰ লগতে পথচাৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পুনঃ দলংকেইখনৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে ।

দুখৰ বিষয় যে, স্বাধীনতাৰ ৭০ টা বছৰ অতিক্ৰম কৰাৰ পিছতো উন্নয়ণ নহ'ল উক্তপথটোৰ । পকী দলং দূৰৈৰ কথা এখন কাঠৰ দলঙো নহ'ল জাৰিহা পথত । ফলত বাৰিষা অহাৰ লগে লগে সংকিত হ'ব লগা হয় ছাত্ৰ-ছাত্ৰ অভিভাৱক সকল । দীৰ্ঘ দিন ধৰি স্থানীয় বিধায়কৰ লগতে গড়কাপ্তানি বিভাগক দলং দুখন নিৰ্মাণ কৰিবলৈ অনুৰোধ কৰি আহিছিল যদিও কোনো দিনে ৰাইজৰ সমস্যাৰ প্ৰতি গুৰুত্ব নিদিলে স্থানীয় বিধায়কৰ লগতে বিভাগীয় কৰ্তৃপক্ষই । অৱশেষত ৰাইজ অতিষ্ঠ হৈ পথটোত থকা পুৰণি বাঁহৰ দলংখনকেই মেৰামতি কৰিবলৈ ওলায় আহিল। এতিয়া প্ৰশ্ন হয় পৰিবৰ্তনকামী বিজেপি চৰকাৰ খনে ৰাইজক দিয়া প্ৰতিশ্ৰুতি কেতিয়াবা পালন কৰিবনে ?

লগতে আন এটা বাতৰি - এসময়ৰ অসমৰ সৰ্ববৃহৎ দীঘল কাঠৰ দলঙখন এতিয়া সেই ঠাইত নাই

3726475

ABOUT THE AUTHOR

...view details