গোৱালাপাৰা, ১৩ জুনঃ অসম-মেঘালয় সীমান্তৰ বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে ৰাইজক । পথৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতে যমৰ-যান্ত্ৰনা ভোগাইছে ৰাইজক ।
বিধ্বস্ত বাট-পথঃ অসম-মেঘালয় সীমান্তবাসীৰ যন্ত্ৰণা - জৰাজীৰ্ণ অৱস্থা
বহু দিনৰে পৰা পথটোৰ মেৰামতিৰ বাবে আহ্বান জনাই আহিছিল যদিও আজিলৈকে মেৰামতিক কোনো ব্যৱস্থা নকৰাত ক্ষুব্ধ হৈ পৰিছে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজ । অতিশীঘ্ৰে পথটো মেৰামতি কৰি যাতায়াতৰ বাবে সু-ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে বিভাগীয় কতৃপক্ষক ।
অসম মেঘালয় সীমান্তৰ ৰংছাইৰ পৰা গোৱালপাৰালৈ যোৱা পথটো এতিয়া জৰাজীৰ্ণ অৱস্থা । পথটোৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাঁত । বছৰ-বছৰ ধৰি পথটো পৰি ৰৈছে বিধ্বস্ত অৱস্থাত । মেৰামতিৰ বাবে কাণসাৰ নাই স্থানীয় বিধায়কৰ লগতে বিভাগীয় কতৃপক্ষৰ । বহু দিনৰে পৰা পথটোৰ মেৰামতিৰ বাবে আহ্বান জনাই আহিছিল যদিও আজিলৈকে মেৰামতিক কোনো ব্যৱস্থা নকৰাত ক্ষুব্ধ হৈ পৰিছে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজ । অতিশীঘ্ৰে পথটো মেৰামতি কৰি যাতায়াতৰ বাবে সু-ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে বিভাগীয় কতৃপক্ষক ।
লগতে আন এটা বাতৰি- পূৱ বিলাসীপাৰাত পথ দুৰ্ঘটনা : নিহত 1