গোৱালপাৰা,৩১ অক্টোবৰ: মঙলবাৰে গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত বিধায়ক আব্দুৰ ৰচিদ মণ্ডলে সম্বোধন কৰে এখন সংবাদমেলৰ । সংবাদমেলত চৰকাৰৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ায় বিধায়কগৰাকীয়ে । বিধায়কগৰাকীয়ে জনোৱা অনুসৰি মঙলবাৰে গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলৰ উপস্থিতিত অসম চৰকাৰৰ লেণ্ড এডভাইজৰিৰ এখন সভা অনুষ্ঠিত কৰা হৈছিল ।
অসম চৰকাৰৰ প্ৰথমখন লেণ্ড এডভাইজৰি সভাত গোৱালপাৰা জিলাত মুঠ ৫৪৭ গৰাকীক ভূমি অবন্টন দিয়া হৈছিল । ইয়াৰ ভিতৰত এজনো মুছলমানৰ নাম নথকাত বিধায়কগৰাকী জাঙুৰ খাই উঠে । গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলৰ উপস্থিতিত হোৱা লেণ্ড এডভাইজৰিৰ সভাখনত গোৱালপাৰা জিলাৰ ১৬৪৩ গৰাকী ভূমিহীন লোকৰ তালিকা প্ৰস্তুত কৰি জমা দিয়া হৈছিল । কিন্তু পৰিতাপৰ বিষয় এইখন তালিকাতো এজনো মুছলমান লোকৰ নাম নথকাত বিধায়কগৰাকীয়ে ক্ষুব্ধ হৈ মন্ত্ৰী অশোক সিংহলক অসম চৰকাৰৰ এই বৈষম্যমূলক নীতিৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰে ।
যিহেতু গোৱালপাৰা জিলাৰ প্ৰায় ৬০ শতাংশই মুছলমান বসতি প্ৰধান । জিলাখনত বিভিন্ন জাতি-জনজাতিয়ে বসবাস কৰি আহিছে । ইয়াৰে অধিকাংশ মুছলমান লোকে গৰাখহনীয়াৰ কৱলত পৰি ভূমিহীন হৈ চৰকাৰী মাটিত বসবাস কৰি আহিছে । যিহেতু অসম চৰকাৰৰ লেণ্ড এডভাইজৰিৰ সভাখনত প্ৰতিটো জাতি-জনগোষ্ঠীয়ে মাটিৰ কাৰণে আবেদন কৰিছে । কিন্তু তেনে পৰিপ্ৰেক্ষিতত বৰ্তমানৰ চৰকাৰখনে মুছলমান লোকসকলৰ নাম তালিকাৰ পৰা কৰ্তন কৰি অন্যান্য জাতি-জনগোষ্ঠীক লোকক অন্তৰ্ভুক্ত কৰা পৰিলক্ষিত হৈছে ।