অসম

assam

By

Published : May 15, 2020, 2:27 PM IST

Updated : May 17, 2020, 12:48 PM IST

ETV Bharat / state

সুদীৰ্ঘ 15টা বছৰেই 4 সন্তানক লৈ এগৰাকী মহিলাৰ জীৱন সংগ্ৰাম

এটা ভঙা জুপুৰীত সুদীৰ্ঘ 15 টা বছৰেই গোৱালপাৰাৰ 40 বছৰীয়া এগৰাকী দুৰ্ভগীয়া মহিলাই কোনো ধৰণৰ চৰকাৰী সাহাৰ্য অবিহনেই 4 সন্তানক লৈ চলাই আহিছে জীৱন সংগ্ৰাম৷জৰাজীৰ্ণ ঘৰটোত দিনৰ ভাগত যদি চাৰি বেৰৰ ফাঁকেদি সূৰ্যৰ কিৰণ ভিতৰলৈ সোমাই আহে ঠিক সেইদৰেই বৰষুণৰ বতৰত চাৰি বেৰৰ ফাঁকেদি ঘৰৰ ভিতৰত সোমাই আহে বৰষুণৰ পানী৷

A Lady struggling of life with her 4 child for 15 years
সুদীৰ্ঘ 15টা বছৰেই 4 সন্তানক লৈ এগৰাকী মহিলাৰ জীৱন সংগ্ৰাম

গোৱালপাৰা,15মে'ঃ দুচকুত অলেখ সপোন ,বুকুত অদম্য মনোবল৷ এটা ভঙা জুপুৰীত সুদীৰ্ঘ 15 টা বছৰেই গোৱালপাৰাৰ 40 বছৰীয়া এগৰাকী দুৰ্ভগীয়া মহিলাই কোনো ধৰণৰ চৰকাৰী সাহাৰ্য অবিহনেই 4 সন্তানক লৈ চলাই আহিছে জীৱন সংগ্ৰাম৷জৰাজীৰ্ণ ঘৰটোত দিনৰ ভাগত যদি চাৰি বেৰৰ ফাঁকেদি সূৰ্যৰ কিৰণ ভিতৰলৈ সোমাই আহে ঠিক সেইদৰেই বৰষুণৰ বতৰত চাৰি বেৰৰ ফাঁকেদি ঘৰৰ ভিতৰত সোমাই আহে বৰষুণৰ পানী৷ জীৱনৰ সৈতে সংগ্ৰাম কৰি অহা গোৱালপাৰাৰ দুৰ্ভগীয়া এই মহিলাগৰাকীৰ নাম হৈছে মনোৱাৰা খাতুন ৷ 25 বছৰ পূৰ্বে নিজ স্বামীক হেৰুৱাই 4 গৰাকী সন্তানক লৈ ভাগি পৰিছিল মনোৱাৰা।কিন্তু তাৰ মাজেদিও মনোৱাৰা খাতুনে জীয়াই থকাৰ মনোবল হেৰুৱা নাছিল।ভঙা জুপুৰীতেই এসাঁজ খাই এসাঁজ নাখায় কৰি গৈছিল জীৱনৰ সংগ্ৰাম। জীৱনৰ লগত সংগ্ৰাম কৰি চাৰি গৰাকী সন্তানকলৈ সাঁচি ৰাখিছিল অযুত সপোন।যি সপোনক বাস্তৱ ৰূপ দিয়াৰ বাবে মনোৱাৰাই কৰি গৈছে কঠোৰ পৰিশ্ৰম। কেতিয়াবা যদি গৰু-ছাগলী পোহপাল কৰি বিক্ৰী কৰিছে, কেতিয়াবা ঘৰে ঘৰে গৈ কাপোৰ বিক্ৰী কৰিছে আকৌ কেতিয়াবা ঘৰতে মোনা প্ৰস্তুত কৰি বিক্ৰী কৰিছে বজাৰত ৷

চৰকাৰী সাহাৰ্য অবিহনেই 4 সন্তানক লৈ চলাই আহিছে জীৱন সংগ্ৰাম

কিন্তু এতিয়া দেশৰ লগতে ৰাজ্যজুৰি অব্যাহত থকা লকডাউনৰ ফলত মহিলাগৰাকীৰ মূৰত যেন সৰগ ভাঙি পৰিছে৷কাৰণ লকডাউনৰ বাবে বন্ধ হৈ আছে বজাৰ ৷ যাৰ ফলত দুৰ্ভগীয়া মহিলাগৰাকীৰ জীৱনলৈ নামি আহিছে অমানিশা ৷ চৰকাৰী সাহাৰ্যৰ পৰাও বঞ্চিত দুৰ্ভগীয়া মহিলা গৰাকীক প্ৰয়োজন এতিয়া সহায়ৰ ৷ দুৰ্যোগৰ এই সময়ত দুৰ্ভগীয়া মহিলা গৰাকীক চৰকাৰ কিম্বা প্ৰশাসনে আগবঢ়াব নে সহায়ৰ হাত ! সেইয়া কিন্তু লক্ষণীয় হ'ব ৷

সুদীৰ্ঘ 15টা বছৰেই 4 সন্তানক লৈ এগৰাকী মহিলাৰ জীৱন সংগ্ৰাম

লগতে পঢ়কঃঅৰ্থৰ অভাৱঃ অসুস্থ পুত্ৰক সুস্থ কৰি তুলিবলৈ অপৰাগ পিতৃ-মাতৃ

Last Updated : May 17, 2020, 12:48 PM IST

ABOUT THE AUTHOR

...view details