ডিমা হাছাও, ১৮ মে: চিকিৎসকৰ গাফিলতিৰ বাবে উমৰাংচু চৰকাৰী চিকিৎসালয়ত এগৰাকী যুৱকৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ ঘটনাক কেন্দ্ৰ কৰি সৃষ্উটি হয় উত্তেজনাময় পৰিস্থিতিৰ ৷ ৰাইজে উমৰাংচু চৰকাৰী হাস্পতাল লণ্ডভণ্ড কৰাৰ অভিযোগ ৷ উমৰাংচুৰ বাসিন্দা ৰাজু পাল (30) বিগত কিছু দিন শাৰীৰিকভাৱে অসুস্থ হৈ আছিল ৷ যাৰ বাবে শনিবাৰে ৰাতিপুৱা প্ৰায় ৯ বজাত যুৱকজনক উমৰাংচু চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰায় ৷ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাচৰে পৰা যুৱকজনৰ স্বাস্থ্য অৱনতি ঘটে বুলি অভিযোগ উত্থাপন কৰে যুৱকজনৰ পৰিয়ালে ৷
যুৱকৰ মৃত্যুকলৈ উমৰাংচুত উত্তেজনা - অসম নিউজ
চিকিৎসক এন কে বাইলুং চিকিৎসাত গাফিলতি কৰাৰ বাবেই স্বাস্থ্যৰ অধিক অৱনতি ঘটে বুলি অভিযোগ পৰিয়ালৰ । যুৱকজনক অক্সিজেনৰ প্ৰয়োজন হোৱাৰ পাচতো হাস্পতালত অক্সিজেন নাই বুলি চিকিৎসকজনে জনায় ৷ যাৰ বাবে অক্সিজেনৰ অভাৱত যুৱকজনে মৃত্যুক আঁকোৱালি লয় বুলি অভিযোগ উঠিছে ৷
চিকিৎসক এন কে বাইলুং চিকিৎসাত গাফিলতি কৰাৰ বাবেই স্বাস্থ্যৰ অধিক অৱনতি ঘটে বুলি অভিযোগ পৰিয়ালৰ । যুৱকজনক অক্সিজেনৰ প্ৰয়োজন হোৱাৰ পাচতো হাস্পতালত অক্সিজেন নাই বুলি চিকিৎসকজনে জনায় ৷ যাৰ বাবে অক্সিজেনৰ অভাৱত যুৱকজনে মৃত্যুক আঁকোৱালি লয় বুলি অভিযোগ উঠিছে ৷ যাৰ বাবে চিকিৎসকৰ গাফিলতিৰ অভিযোগ উত্থাপন কৰি উত্তেজিত ৰাইজে উমৰাংচু চিকিৎসালয়ত আক্ৰমণ কৰি লণ্ডভণ্ড কৰে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে । আনহাতে,যুৱকজনৰ মৃতদেহ চমজি লোৱা নাই পৰিয়ালৰ লোকে ৷