ডিমা হাচাও, 29 জুলাই:ভাৰতৰ স্বাধীনতাৰ 75 বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱ পালন কৰা হৈছে সমগ্ৰ দেশত (Azadi Ka Amrit Mahotsav)। এই আজাদী কা অমৃত মহোৎসৱৰ অধীনত ডিমা হাছাও জিলাত বিজুলী মহোৎসৱৰ আয়োজন কৰা হয় (Azadi Ka Amrit Mahotsav in Dima Hasao)। হাফলঙৰ লোদি গাঁৱৰ লোদি হেৰেকা সাংস্কৃতিক ক্লাৱত আয়োজন কৰা হয় আজাদী কা অমৃত মহোৎসৱৰ অধীনত ‘‘উজ্জ্বল ভাৰত উজ্জ্বল ভৱিষ্যত@2047’’ অনুষ্ঠান (Ujjwal Bharat Ujjwal Bhavishya program)।
শুকুৰবাৰে দিনৰ 11 বজাত এই অনুষ্ঠানৰ আৰম্ভণি কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই (NC hills autonomous council)। অনুষ্ঠান আৰম্ভ কৰি দেবলাল গাৰ্লোচাই পাহাৰীয়া জিলাত এই ধৰণৰ অনুষ্ঠান আয়োজনৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য কৰে ৷ তেওঁ লগতে কয় ‘‘আজি আমাৰ জীৱনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছে বিদ্যুৎ পৰিসেৱা । যাৰ বাবে এতিয়া বিদ্যুৎ পৰিসেৱা অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে’’ ।