হাফলং, 24 ডিচেম্বৰ:বিজেপিক গুণ্ডাৰ দল বুলি আখ্যা তৃণমূল কংগ্ৰেছৰ । দেওবাৰে হাফলংস্থিত তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি তৃণমূল কংগ্ৰেছৰ জিলা সভাপতি আচিং জেমিয়ে কয় যে, বিজেপি দলে যেনে ধৰণে কংগ্ৰেছৰ 6 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ কৰাৰ বাবে বাধ্য কৰিছে, ই তীব্ৰ গৰিহনাৰ যোগ্য ৷ যোৱা শনিবাৰে কংগ্ৰেছ দলৰ সদস্যসকলে সংবাদমেলযোগে কংগ্ৰেছৰ প্ৰাৰ্থীসকলক অপহৰণ কৰি টকা দি মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ বাবে বাধ্য কৰাইছে বুলি বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল । বিজেপি দলে এই কাৰ্যৰে গণতন্ত্ৰক হত্যা কৰিছে ৷
তৃণমূল কংগ্ৰেছৰ জিলা সভাপতিগৰাকীয়ে লগতে কয় যে, পূৰ্বে ডিমা হাছাও জিলাত উগ্ৰপন্থী সমস্যাৰ বাবে ৰাইজে ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ ভয় কৰিছিল। কিন্তু আজি এই পৰিস্থিতি নাই, বৰ্তমান ডিমা হাছাও জিলাত শান্তি ঘূৰি আহিছে ৷ পাহাৰীয়া যুৱ সমাজে শান্তি বিচাৰে। কিন্তু এনে ধৰণৰ ঘটনা সংঘটিত কৰি শান্তি ভংগ কৰাৰ চেষ্টা চলালে পূৰ্বৰ অশান্ত পৰিৱেশ যদি আকৌ ঘূৰি আহে তেনেহ’লে পৰিস্থিতি আৰু ভয়ানক হ’ব পাৰে ৷ জিলাখনত শান্তি বৰ্তাই ৰাখিবৰ বাবে ৰাইজে যুঁজিব লাগিব।