যাতায়াত ব্যাহত: বায়ু সেনাৰ হেলিকপ্টাৰেৰে ডিমা হাছাওলৈ খাদ্য সামগ্ৰী যোগান
প্ৰকৃতিৰ ৰোষত ডিমা হাছাও । বানপানী আৰু ভূমিস্খলনৰ ফলত হাজাৰ হাজাৰ লোক গৃহহীন (Flood and landslide in Dima Hasao)। শিবিৰত আশ্ৰয় গ্ৰহণ লোকসকলৰ । বায়ু সেনাৰ হেলিকপ্টাৰৰ জৰিয়তে জিলাখনলৈ খাদ্য সামগ্ৰী যোগান ।
বৰাকৰ পৰিস্থিতিক লৈ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত
ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিক লৈ উদ্বিগ্ন ৰাজ্য চৰকাৰ । বান সাহাৰ্যৰ বাবে কেন্দ্ৰই ১০০০ কোটি টকা দিয়াৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ইতিমধ্যে জিলাসমূহলৈ ১৫০ কোটি টকা মুকলি কৰি দিয়া হৈছে । 'ফ্লাই বিগ' বিমানৰ যোগেদি বৰাকত আবদ্ধ লোকসকল কাইলৈৰ পৰা দহ দিন গুৱাহাটীলৈ আহিব পাৰিব বুলি জনাই মুখ্যমন্ত্ৰীয়ে ।
Assam floods: বৰাক উপত্যকাৰ তিনিখন জিলাত প্ৰশাসনৰ হাই এলাৰ্ট
বৰাক উপত্যকাৰ তিনিখন জিলাত বান পৰিস্থিতি ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে (High alert issued to three districts of Barak Valley)। বুধবাৰে সন্ধিয়া বৰাক আৰু কুশিয়াৰা নৈৰ বিপদ সীমাৰ দুই ছেন্টিমিটাৰ ওপৰত প্ৰবাহিত হৈছে । বৰাক উপত্যকাৰ তিনিখন জিলাত প্ৰশাসনৰ হাই এলাৰ্ট (High alert issued to three districts of Barak Valley)৷
কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক
দলীয় অনুশাসন ভংগ কৰাৰ অভিযোগত বুধবাৰে এক নিৰ্দেশ যোগে প্ৰদেশ কংগ্ৰেছে প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক দলৰ পৰা বহিষ্কাৰ কৰে (APCC expels senior congress leader Nilamoni Sen Deka)। প্ৰায়ে বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা নীলমণি সেন ডেকাই শেহতীয়া বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাচত দলৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ আনিছিল ।
প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক 'পাগল'-'গাধ' আখ্যা নীলমণিৰ
প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক বহিষ্কাৰ কৰাৰ কথা সদৰী কৰাৰ পিছতেই প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক উভতি ধৰিছে নীলমণিসেন ডেকাই (Nilamonisen Deka react on APCC decision)। প্ৰচণ্ড ক্ষোভ ব্যক্ত কৰি সংবাদ মাধ্যমৰ আগত তেওঁ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক ‘পাগল' হোৱা বুলি মন্তব্য কৰে ।