ডিমা হাছাও, 28 ডিচেম্বৰ :হাফলঙত জননেতা তৰুণ গগৈক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । জননেতা তৰুণ গগৈৰ স্মৃতিত শান্তি সদ্ভাৱনা যাত্ৰাৰ লগত সংগতি ৰাখি ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলঙত অনুষ্ঠিত হয় ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ।
হাফলঙত তৰুণ গগৈৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন ডিমা হাছাও জিলা কংগ্ৰেছৰ উদ্যোগত হাফলং ৰাজীৱ ভৱনৰ সন্মুখত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাংথাচা, উপ-সভাপতি মায়ানন কেম্প্ৰাই, সাধাৰণ সম্পাদক কালীজয় চেংয়ুং, কংগ্ৰেছ নেতা লোকমণি লাংথাচা, তুষাৰ কান্তি দেৱ উত্তৰ-কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কংগ্ৰেছ সদস্য ডেনিয়েল লাংথাচা, মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিমাদ্রিকা বাতাৰি ।
হাফলঙত তৰুণ গগৈৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি প্ৰদান কৰে জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাংথাচায় । বন্তি প্ৰজ্বলন কাৰ্যসূচীত জিলা কংগ্ৰেছৰ নেতাকৰ্মী সকলৰ লগতে প্ৰয়াত তৰুণ গগৈৰ গুণমুগ্ধ সকলে ৰাজহুৱাকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । পৰৱৰ্তী সময়ত তৰুণ গগৈৰ প্ৰতিচ্ছবি লৈ সমদল কৰি হাফলঙৰ পৰা সাত কিলোমিটাৰ দূৰত থকা দিয়ুং নৈত বিসৰ্জন দিয়া হয় প্ৰয়াত তৰুণ গগৈৰ চিতা ভস্ম ।
লগতে পঢ়ক :নগাঁৱৰ ৭৮ বছৰীয়া বৃদ্ধাই লিখি উলিয়ালে অখিল গগৈৰ ওপৰত গ্ৰন্থ