ডিমা হাছাও, 31 জুলাই :সৰ্বশিক্ষা অভিযানৰ অধীনত ডিমা হাছাও জিলাত 9 কোটি টকাৰ বৃহৎ দুৰ্নীতিৰ অভিযোগৰ তদন্তৰ বাবে হাফলং সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য চেমুৱেল চাংছনে । শুকুৰবাৰে উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদ সচিবালয়ত এখন সংবাদমেল সম্বোধন কৰি স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য চেমুৱেল চাংছনে এই কথা সদৰী কৰে ৷ তেওঁ সংবাদমেলত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কংগ্ৰেছ সদস্য ডেনিয়েল লাংথাচা ফেচবুক লাইভ (Facebook Live)ৰ জৰিয়তে এই অভিযোগ উত্থাপন কৰা লগতে তেওঁ উৎকোচ দিয়া ব্যক্তিগৰাকীৰ নাম ৰাজহুৱা নকৰাত প্ৰশ্ন উত্থাপন কৰে ৷ ইয়াৰ উপৰি ডেনিয়েল লাংথাচাই ঘটনা সন্দৰ্ভত গোচৰ ৰুজু নকৰাত আশ্চৰ্য প্ৰকাশ কৰিছে চেমুৱেল চাংছনে ৷
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য চেমুৱেল চাংছনে সংবাদমেলত সদৰী কৰা অনুসৰি, 26 জুলাইত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam CM Himanta Biswa Sarma) ডিমা হাছাও ভ্ৰমণৰ সময়ত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কংগ্ৰেছ সদস্য ডেনিয়েল লাংথাচাই ফেচবুক লাইভৰ জৰিয়তে এক অভিযোগ উত্থাপন কৰিছিল ৷ এই অভিযোগ অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সৰ্বশিক্ষা অভিযানৰ অধীনত ডিমা হাছাও জিলাত নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে খোৱা পানীৰ ব্যৱস্থা কৰাৰ প্ৰকল্পত 9 কোটি টকাৰ বৃহৎ কেলেংকাৰী সংঘটিত হৈছিল । এই বৃহৎ কেলেংকাৰী গাপ দিয়াৰ বাবে তেওঁক এগৰাকী ব্যক্তিয়ে 1 লাখ টকাৰ উৎকোচ প্ৰদান কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে ।