ডিমা হাছাও, 24 ফেব্ৰুৱাৰী : ডিমা হাছাও জিলাত হাফলঙত মুখ্য ডাকঘৰ এটা হোৱাৰ বাবেই গোটেই জিলাৰ ৰাইজে কাম কাজৰ বাবে হাফলং মুখ্য ডাকঘৰলৈ(Haflong post office) আহিব লগা হয় ৷ কিন্তু হাফলং মুখ্য ডাকঘৰলৈ অহাৰ পিচতে কাম কাজৰ ক্ষেত্ৰত তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগা হয় বুলি অভিযোগ উঠিছে । হাফলং মুখ্য কাৰ্যালয়ত থকা এই সমস্যাৰ কথা স্বীকাৰ কৰিছে স্বয়ং ডাকঘৰৰ পোষ্ট মাষ্টাৰে ৷
হাফলং মুখ্য ডাকঘৰৰ পোষ্ট মাষ্টাৰে হাফলং মুখ্য ডাকঘৰৰ পোষ্ট মাষ্টাৰগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, চাৰ্ভাৰৰ কাৰণেই মূলত হাফলং মুখ্য ডাকঘৰত কাম কৰাৰ ক্ষেত্ৰত বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সৃষ্টি হয় । এয়া কেৱল হাফলঙত নহয় কাছাৰ ডিভিচনৰ অধীনত থকা বিভিন্ন ডাকঘৰতো এই একে সমস্যা ৷ পোষ্ট মাষ্টাৰগৰাকী সদৰি কৰা অনুসৰি, চেণ্ট্ৰেল চাৰ্ভাৰত সমস্যা হোৱাৰ বাবে এই ধৰণৰ সমস্যাৰ সৃষ্টি হয় ।
ইয়াৰ উপৰি হাফলং মুখ্য ডাকঘৰত কৰ্মী কম থকাৰ বাবে গ্ৰাহকসকলক উপযুক্ত পৰিসেৱা দিব পৰা নাই বুলি পোষ্ট মাষ্টাৰগৰাকীয়ে জানিবলৈ দিয়ে ৷ তেওঁ সদৰি কৰা অনুসৰি, হাফলং মুখ্য ডাকঘৰত এজন পোষ্ট মাষ্টাৰৰ লগতে 5 গৰাকী ক্লাৰ্কৰ প্ৰয়োজন ৷ কিন্তু ইয়াত আছে 2 গৰাকী ক্লাৰ্ক ৷ তেওঁলোকক ডেপুটেচনত অন্য ঠাইত লৈ যোৱা হয় ৷ এগৰাকী ক্লাৰ্ক ছুটিত গ’লে আৰু একেসময়তে আনগৰাকী ডেপুটেছনত গ’লে পোষ্ট মাষ্টাৰে কাউণ্টাৰত বহি কাম কৰিব লগা হয় ।
হাফলং মুখ্য ডাকঘৰৰ পোষ্ট মাষ্টাৰে কয় যে, আমি যিমান পাৰো ৰাইজৰ কাম কৰাৰ চেষ্টা কৰো ৷ তাৰ পিচতো যদি হাফলং মুখ্য ডাকঘৰত গ্ৰাহকৰ কাম কৰাৰ বাবে কোনো কৰ্মীয়ে অস্বীকাৰ কৰে, তেনেহ’লে তেওঁৰ ওচৰত অভিযোগ কৰাৰ বাবে গ্ৰাহকসকলক আহ্বান জনায় ৷ তেওঁ গ্ৰাহকৰ অভিযোগৰ ভিত্তিত সেই কৰ্মীজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷
লগতে পঢ়ক :Assam municipal election 2022: শিৱসাগৰত পৌৰসভাৰ প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতাক লৈ জালিয়তিৰ অভিযোগ