ডিমা হাছাও, 30 অক্টোবৰ :উদ্যোগ নগৰী হিচাপে পৰিচিত উমৰাংচুৰ চাৰিওদিশে এতিয়া আমূৰ ফেলকন পক্ষীৰ কোলাহল ৷ অক্টোবৰ মাহৰ পৰাই উমৰাংচুলৈ আগমন ঘটে পৰিভ্ৰমী আমূৰ ফেলকন পক্ষীৰ ৷ প্ৰায় এক-ডেৰ মাহ উমৰাংচুত বিচৰণ কৰিব এই পক্ষীবিধে ৷ ইয়াৰ পিচতে নৱেম্বৰৰ শেষভাগত লাহে লাহে দক্ষিণ আফ্ৰিকালৈ বুলি ঘূৰি যাব আমূৰ ফেলকনৰ জাকসমূহ ৷
তাকে কেন্দ্ৰ কৰি উমৰাংচুলৈ ভীৰ বাঢ়িছে পৰ্যটকৰ ৷ উল্লেখ্য যে, আমূৰ ফেলকন পক্ষীৰ সুৰক্ষাৰ বাবে যুৱ সমাজক সজাগ কৰা আৰু ডিমা হাছাওৰ পৰ্যটন শিল্পক আগুৱাই লৈ যোৱাৰ লক্ষ্যৰে যোৱা 2013 বছৰৰ পৰা অনুষ্ঠিত কৰি অহা হৈছে ফেলকন মহোৎসৱ ৷