ডিমা হাছাও 2 মে :ডিমাচা ৰীতি-নীতিৰে শনিবাৰে সন্ধিয়া সম্পন্ন কৰা হয় সন্তোষ হোজাইৰ অন্তেষ্টিক্ৰিয়া। মৰণোত্তৰ পৰীক্ষাৰ পিচত সন্তোষ হোজাইৰ মৃতদেহ শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা হাৰেংগাজাৱলৈ অনাৰ পাচত শোকত ভাঙি পৰে হাৰেংগাজাৱৰ ৰাইজ । লক্ ডাউনৰ মাজতে সন্তোষ হোজাইৰ মৃতদেহ লৈ সমদল উলিয়াই শ্মশানলৈ লৈ যোৱা হয় ৷
উল্লেখ্য যে, যোৱা 24 এপ্ৰিলত সন্তোষ হোজাইক নিজা বাসগৃহৰ পৰা পাঁচজনীয়া দুৰ্বৃত্তৰ দলে অপহৰণ কৰি নিয়ে ৷ অপহৰণৰ এসপ্তাহ পাচত 30 এপ্ৰিলত মুপা ফৰেষ্ট ৰিজাৰ্ভৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত লেইলিংৰ জংঘলত মাটিত পুতি থোৱা অৱস্থাত সন্তোষ হোজাইৰ মৃতদেহ উদ্ধাৰ কৰিছিল লাংটিং আৰক্ষীয়ে । সমগ্ৰ ঘটনাৰ তদন্ত কৰাৰ বাবে দক্ষিণ অসম প্ৰান্তৰ ডিআইজি দিলীপ কুমাৰ দে' ইতিমধ্যে ডিমা হাছাও জিলাত আহি উপস্থিত হৈছে । সন্তোষ হোজাইৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰ পৰা সমগ্ৰ ঘটনাৰ বুজ লয় আৰক্ষী বিষয়াগৰাকীয়ে ৷