ডিমা হাছাও, 3 জুলাই: কোভিড নহয় ডেংগু মেলেৰিয়াৰ বাবে শংকিত হৈছে ডিমা হাছাওৰ জংঘলত কোৱাৰেন্টাইন হৈ থকা কেইজনমান ব্যক্তি ৷ জানিব পৰা মতে, 5 জুনত মাইবাং ডিগ্ৰী কলেজৰ কোৱাৰেন্টাইন কেন্দ্ৰত ৰখা হৈছিল বাংগালুৰুৰ পৰা অহা ডিমা হাছাও জিলাৰ পুৰণি চিমপলাং দিছা গাৱঁৰ 6 জন যুৱকক ৷ আটাইকেইজনৰে কোভিডৰ ৰিপ'ৰ্ট নিগেটিভ অহা পাছত 15 জুনত স্বাস্থ্য বিভাগে তেওঁলোকক ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰে ৷ কিন্তু পুৰণি চিমপলাং দিছা গাঁওবাসীয়ে যুৱক কেইজনক গাঁৱত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে ৷ ফলশ্ৰুতিত 15 জুনৰ পৰা আজি পৰ্যন্ত 18 দিনে জংঘলত কোৱাৰেন্টাইন হৈ আছে 6 যুৱক ৷ আনহাতে 18 দিন জংঘলত কোৱাৰেন্টাইন হৈ থকা পাছতো এতিয়ালৈ যুৱক কেইজনৰ দ্বিতীয় কৰ'ণা ৰিপ'ৰ্ট অহা নাই বুলি অভিযোগ উত্থাপন কৰিছে য়ুৱক কেইজনে ৷
কোভিড নহয় ডেংগু মেলেৰিয়া ত্ৰাসঃ কাৰণ জংঘলত কোৱাৰেন্টাইন 6 যুৱক - কভিদ নহয় ডেংগু মেলেৰিয়াৰ ত্ৰাস জংঘলত কোৱাৰেন্টাইনসকলৰ
বাংগালুৰুৰ পৰা অহা ডিমা হাছাও জিলাৰ পুৰণি চিমপলাং দিছা গাৱঁৰ 6 জন যুৱকক ৷ আটাইকেইজনৰে কোভিডৰ ৰিপ'ৰ্ট নিগেটিভ অহা পাছত 15 জুনত স্বাস্থ্যবিভাগে তেওঁলোকক ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰে ৷ কিন্তু পুৰণি চিমপলাং দিছা গাঁওবাসীয়ে যুৱক কেইজনক গাঁৱত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে ৷
কভিদ নহয় ডেংগু মেলেৰিয়া ত্ৰাস
ইফালে,জংঘলত মহ-দাহে কামোৰা ফলত ডেংগু,মেলেৰিয়াক লৈ শংকিত হৈ পৰিছে যুৱক কেইজন ৷ খাদ্য সামগ্ৰী,বিশুদ্ধ খোৱাপানীৰ পৰিৱৰ্তে বৰষুণৰ পানীৰে দুৰ্বিষহ জীৱন পাৰ কৰিছে যুৱক কেইজনে ৷ জংঘলৰ অসহনীয় কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা শীঘ্ৰে যুৱক কেইজনক উদ্ধাৰ কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে ভুক্তভোগী ছয় যুৱকে ৷
লগতে পঢ়কঃ কৰিমগঞ্জত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কংগ্ৰেছৰ