ডিমা হাছাও, ১৮ জানুৱাৰী: কমলাৰ বাবে বিখ্যাত এখন গাঁও । চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত এই গাঁওখন । সুদীৰ্ঘ বছৰে উন্নত সা-সুবিধা নথকাৰ উপৰিও যাতায়াতৰ ক্ষেত্ৰত নাই কোনো সু-ব্যৱস্থা । পৰ্যাপ্ত সুবিধাৰ পৰা বঞ্চিত হৈ আহিলেও শেহতীয়াকৈ কমলা খেতিৰ বাবে বিখ্যাত হৈ পৰিছে এই গাঁওখন । ডিমা হাছাও জিলাৰ মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত জিনাম ভেলীৰ বালাধন গাঁও এতিয়া কমলাৰ বাবে বিখ্যাত । মাহুৰৰ পৰা জিনাম ভেলীলৈ যাবলৈ পথৰ অৱস্থা তেনেই শোচনীয় । যাৰবাবে জিনাম ভেলীৰ লগতে ডিমা হাছাও জিলাৰ যোগাযোগ সম্পূৰ্ণৰূপে বিছিন্ন হৈ পৰিছে ।
জিনাম ভেলী যাবলৈ হ'লে প্ৰথমতে হাফলঙৰ পৰা শিলচৰ আৰু তাৰ পাছত শিলচৰৰ পৰা হৰিনগৰ হৈ যাবলগীয়া হয় । এতিয়া এই ডিমা হাছাও জিলাৰ বালাধন গাঁও কমলাৰ বাবে বিখ্যাত হৈ পৰিছে । প্ৰতি বছৰে বালাধনত ২০০ মেট্ৰিক টনতকৈও অধিক কমলাৰ উৎপাদন হয় । জিনাম ভেলীৰ বালাধনৰ পৰা উৎপাদিত কমলা কৰিমগঞ্জৰ পৰা বাংলাদেশ হৈ মধ্যপ্ৰাচ্যৰ দেশত ৰপ্তানি কৰা হয় । প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ জিনাম ভেলী এতিয়া দেশ বিদেশতো পৰিচিত হৈ পৰিছে ।