অসম

assam

ETV Bharat / state

48 দিন পাছত লামডিং-শিলচৰ ব্ৰডগজ ৰে’লপথত চলিল যাত্ৰীবাহী ৰে’ল - New Lumding Silchar BG track opened for passenger traffic 45 days later

অৱশেষত 48 দিন পাছত লামডিং-শিলচৰ ব্ৰডগজ ৰে’লপথত আংশিকভাৱে ৰে’লসেৱা স্বাভাৱিক হৈ উঠিছে (New Lumding-Silchar BG track opened for passenger traffic 45 days later) ৷ বৃহস্পতিবাৰে শিলচৰৰ-নিউ হাফলং- শিলচৰ আৰু গুৱাহাটীৰ- লাংটিং-গুৱাহাটীলৈকে দুখন বিশেষ যাত্ৰীবাহী ৰে’ল চলাচল কৰে ।

New Lumding-Silchar BG track opened for passenger traffic 45 days later
48 দিন পাছত লামডিং-শিলচৰ ব্ৰডগজ ৰে’লপথত চলিল যাত্ৰীবাহী ৰে’ল

By

Published : Jun 30, 2022, 4:59 PM IST

ডিমা হাছাও 30 জুন: অৱশেষত 48 দিন পাছত লামডিং-শিলচৰ ব্ৰডগজ ৰে’লপথত আংশিকভাৱে ৰে’লসেৱা স্বাভাৱিক হৈ উঠিছে (New Lumding-Silchar BG track opened for passenger traffic 45 days later) ৷ বৃহস্পতিবাৰে শিলচৰৰ-নিউ হাফলং- শিলচৰ আৰু গুৱাহাটীৰ- লাংটিং-গুৱাহাটীলৈকে দুখন বিশেষ যাত্ৰীবাহী ৰে’ল চলাচল কৰে ।

48 দিন পাছত লামডিং-শিলচৰ ব্ৰডগজ ৰে’লপথত চলিল যাত্ৰীবাহী ৰে’ল

বৃহস্পতিবাৰে পুৱা 7:20 বজাত শিলচৰৰ পৰা বিশেষ যাত্ৰীবাহী ৰে’ল এখনে যাত্ৰা আৰম্ভ কৰি প্ৰায় 5 ঘণ্টাত 101 কিলোমিটাৰ পথ অতিক্ৰম কৰি দিনৰ 1 মান বজাত নিউ হাফলং ষ্টেচনত আহি উপস্থিতি হয় । ইয়াৰ পিচতে 2:5 বজাত পুনৰ লাংটিংৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰে এই বিশেষ ৰে’লখনে । ভূমিস্খলন আৰু বানৰ তাণ্ডৱত ক্ষতিগ্ৰস্থ হোৱা লামডিং-শিলচৰ ব্ৰডগজ ৰে’লপথৰ বান্দৰখালৰ পৰা নিউ হাফলঙলৈকে ৰে’লপথটোৰ মেৰামতি কৰা হয় ৷ যদিও এইপৰ্যন্তও বিপদজনক অৱস্থাত আছে এই ৰে’লপথটো ৷

আজিৰ পৰা লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথত আংশিকভাৱে বিশেষ যাত্ৰীবাহী ৰে’লসেৱা আৰম্ভ হোৱাত ডিমা হাছাওৰ লগতে বৰাক উপত্যকাৰ তিনিখন জিলাৰ যাত্ৰীসকলে কিছু পৰিমাণে সকাহ লাভ কৰিছে । উল্লেখ্য যে, ডিমা হাছাও জিলাৰ লামডিং-ব্ৰডগজ ৰে’লপথত ভূমিস্খলন আৰু বানৰ তাণ্ডৱৰ ফলত প্ৰায় 85 কিলোমিটাৰ ৰে’লপথ ক্ষতিগ্ৰস্থ হয়৷ বিগক 14 মে’ৰ পৰা এই ৰে’লপথত ৰে’ল চলাচল বন্ধ হৈ আছিল ।

লগতে পঢ়ক:মণিপুৰত ভয়াৱহ ভূমিস্খলনত প্ৰাণ হেৰুৱালে 7 জনকৈ লোকে

ABOUT THE AUTHOR

...view details