অসম

assam

ETV Bharat / state

অসম শিশু অধিকাৰ সুৰক্ষা আয়োগৰ উদ্যোগত সজাগতা সভা - শিশু শ্ৰমিক

বৃহস্পতিবাৰে হাফলঙত অসম শিশু অধিকাৰ সুৰক্ষা আয়োগৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এক সজাগতা সভা । এই সজাগতা সভাত ডিমা হাচাও জিলাৰ উপায়ুক্ত পল বৰুৱাৰ লগতে উপস্থিত থাকে অসম শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্য ফণীন্দ্ৰ বুজৰ বৰুৱা, অজয় কুমাৰ দত্ত, পিলু হাজৰিকা আৰু ৰূপা হাজৰিকা ৷

অসম শিশু অধিকাৰ সুৰক্ষা আয়োগৰ উদ্যোগত সজাগতা সভা
অসম শিশু অধিকাৰ সুৰক্ষা আয়োগৰ উদ্যোগত সজাগতা সভা

By

Published : Feb 19, 2021, 8:00 AM IST

ডিমা হাচাও, 19 ফেব্ৰুৱাৰীঃ ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি পাইছে শিশু নিৰ্যাতন আৰু শিশু শ্ৰমিকৰ ঘটনা ৷ শিশু নিৰ্যাতন আৰু শিশু শ্ৰমিক ৰোধ কৰিবলৈ অসম শিশু অধিকাৰ সুৰক্ষা আয়োগৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন ঠাইত সজাগতা সভা অনুষ্ঠিত কৰা হৈছে । বৃহস্পতিবাৰে হাফলঙতো অসম শিশু অধিকাৰ সুৰক্ষা আয়োগৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এক সজাগতা সভা ।

অসম শিশু অধিকাৰ সুৰক্ষা আয়োগৰ উদ্যোগত সজাগতা সভা

হাফলং সাংস্কৃতিক ভৱন বৃহস্পতিবাৰে ডিমা হাচাও জিলা প্ৰশাসনৰ সহযোগত আৰু অসম শিশু অধিকাৰ সুৰক্ষা আয়োগৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই সজাগতা সভা । এই সজাগতা সভাত ডিমা হাচাও জিলাৰ উপায়ুক্ত পল বৰুৱাৰ লগতে উপস্থিত থাকে অসম শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্য ফণীন্দ্ৰ বুজৰ বৰুৱা, অজয় কুমাৰ দত্ত, পিলু হাজৰিকা আৰু ৰূপা হাজৰিকা ৷

হাফলঙত শিশু অধিকাৰ সুৰক্ষা আয়োগৰ উদ্যোগত আয়োজিত এই সজাগতা সভাত জিলা উপায়ুক্ত পল বৰুৱাই মন্তব্য কৰে যে, 2005 চনতে শিশু অধিকাৰ আইনখন গৃহীত কৰা হৈছিল । ৰাজ্যক বিভিন্ন প্ৰান্তত বৰ্তমানো শিশু নিৰ্যাতন বা শিশু শ্ৰমিকৰ ঘটনা পোহৰলৈ আহিছে ৷ কিন্তু ডিমা হাচাও জিলাত শিশু নিৰ্যাতন বা শিশু শ্ৰমৰ কোনো ঘটনা এতিয়ালৈকে পোহৰলৈ অহা নাই ৷ কাৰণ এই পাহাৰীয়া জিলা খনত জনসংখ্যা একেবাৰেই কম । যদি ভবিষ্যতে শিশু নিৰ্যাতন বা শিশু শ্ৰমৰ কোনো ধৰণৰ ঘটনা সংঘঠিত হয় তেনেহ’লে জিলা প্ৰশাসনক অৱগত কৰিবলৈ আহ্বান জনায় জিলা উপায়ুক্ত গৰাকীয়ে ।

ইপিনে অসম শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্য ফণীন্দ্ৰ বুজৰ বৰুৱাই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় যে, শিশু অধিকাৰ আৰু সুৰক্ষাৰ বাবে কাম কৰি আছে অসম শিশু অধিকাৰ সুৰক্ষা আয়োগে । শিশু সকলৰ বিকাশৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিশু অধিকাৰ শিশু শিক্ষা, শিশু শ্ৰম, শিশু নিৰ্যাতনৰ ওপৰত কেনে ধৰণৰ আইন আছে সেই বিষয়ে সাধাৰণ মানুহ আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনক লৈ সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে এই সজাগতা সভা হাফলঙত অনুষ্ঠিত কৰা হয় বুলি তেওঁ মন্তব্য কৰে ৷

লগতে পঢ়কঃমাহিলী দৰমহাৰ প্ৰদানৰ দাবীৰে পঞ্চায়ত প্ৰতিনিধিৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details