ডিমা হাছাও 24 এপ্ৰিল:লক ডাউনৰ মাজতে কয়লাৰ ছিণ্ডিকেট অব্যাহত থকাৰ সময়তে এইবাৰ ডিমা হাছাও জিলাত অবৈধ কয়লা খনন বন্ধ কৰাৰ সকীয়নিডিমাচা নেশ্যনেল লিবাৰেশ্যন আৰ্মিনামৰ উগ্ৰপন্থী সংগঠনটোৰ। লক ডাউনৰ মাজতেই ডিমা হাছাও জিলাৰ উমৰাংছ' 9 কিলো এলেকাৰ কয়লা খনিৰ পৰা কয়লা বহি: ৰাজ্যলৈ লৈ যোৱা হৈছে অবৈধভাৱে । যাৰ বাবে অবৈধ কয়লা খনন বন্ধ কৰাৰ সকীয়নি প্ৰদান কৰে ডিমাচা নেশ্যনেল লিবাৰেশ্যন আৰ্মি নামৰ উগ্ৰপন্থী সংগঠনটোৱে।
উল্লেখ্য যে, ডিমাচা নেশ্যনেল লিবাৰেশ্যন আৰ্মিৰ প্ৰচাৰ সম্পাদকৰিংছমাই ডিমাচায় এখন প্ৰেছ বিবৃত্তিত উল্লেখ কৰে অনতিপলমে ডিমা হাছাও জিলাত অবৈধ কয়লা খনন বন্ধ কৰিব লাগিব। এক সপ্তাহৰ ভিতৰত কয়লা খনিত থকা কলো বাহন ঘূৰাই লৈ যোৱাৰ লগতে কয়লা খনিৰ পৰা সকলো শ্ৰমিকক ঘূৰাই লৈ যোৱাৰ নিৰ্দেশ দিয়ে। অন্যথা উগ্ৰপন্থী সংগঠনটোৱে কঠোৰ পদক্ষেপ ল'ব বুলি সকীয়নি প্ৰদান কৰে।