অসম

assam

ETV Bharat / state

Doctor Health workers suspended: ডিমা হাছাওত চিকিৎসকসহ 9 স্বাস্থ্যকৰ্মীক নিলম্বন - মাইবাং মহকুমাৰ অন্তৰ্গত খেপৰে প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ

কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত মাইবং মহকুমাৰ অধীনত থকা খেপৰে প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসকসহ 9 গৰাকী স্বাস্থ্যকৰ্মীক(MBBS Doctor Including 9 Health Workers Suspended) চাকৰিৰ পৰা নিলম্বন ৷ ঘটনা সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে ডিমা হাছাও জিলাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগে ৷ তদন্তৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ব্যৱস্থা লোৱাৰ কথা উল্লেখ স্বাস্থ্য বিভাগৰ ৷

mbbs-doctor-including-9-health-workers-suspended-in-dima-hasao
ডিমা হাছাওত চিকিৎসকসহ 9 গৰাকী স্বাস্থ্যকৰ্মীক নিলম্বন

By

Published : Jul 11, 2022, 6:17 PM IST

ডিমা হাছাও 11 জুলাই : মাইবাং মহকুমাৰ অন্তৰ্গত খেপৰে প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক ড৹ জে চি এন চোনতাকে ধৰি মুঠ 9 গৰাকী স্বাস্থ্যকৰ্মীৰ(Medical professionals of Assam PHC suspended for negligence) নিলম্বনক লৈ সোমবাৰে ডিমা হাছাও জিলাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে এক সংবাদমেলৰ আয়োজন কৰে ৷ ডিমা হাছাও পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধীনত থকা স্বাস্থ্য বিভাগৰ কাৰ্যনিৰ্বাহক সদস্য চেমুয়েল চাংচনে এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰে ৷

স্বাস্থ্য বিভাগৰ কাৰ্যনিৰ্বাহক সদস্য চেমুয়েল চাংচন

তেওঁ কয় যে কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত খেপৰে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এগৰাকী চিকিৎসক সহ মুঠ 9 গৰাকী স্বাস্থ্যকৰ্মীক সাময়িকভাৱে চাকৰিৰ পৰা নিলম্বন কৰা হৈছে । তেওঁলোকৰ বিৰুদ্ধে বিভাগীয় তদন্ত দিয়া হৈছে । কাৰ্যনিৰ্বাহক সদস্যগৰাকীয়ে সদৰি কৰা অনুসৰি দেওবাৰে প্ৰিচাডিমিক গাঁৱৰ ৰঞ্জিত চেংয়ুং নামৰ এগৰাকী গৰ্ভৱতী মহিলাক পুৱা প্ৰায় 10.30 বজাত তেওঁৰ স্বামীয়ে খেপৰে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ আহে ৷

সেই সময়ত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো বন্ধ হৈ আছিল আৰু মহিলাগৰাকীয়ে প্ৰসৱ বেদনাত চটফটাই আছিল । ইয়াৰ মাজতেই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বাহিৰতে মহিলাগৰাকীয়ে এটা পুত্ৰ সন্তান জন্ম দিয়ে । এই কথা অৱগত হোৱাৰ পাছতেই স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লচাৰ নিৰ্দেশত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সঞ্চালিকা ডাঃ কল্পনা কেম্প্ৰাইয়ে তাৎক্ষণিকভাৱে স্বাস্থ্যকেন্দ্ৰটোৰ চিকিৎসকসহ স্বাস্থ্যকৰ্মী কেইগৰাকীক নিলম্বনৰ নিৰ্দেশ দিয়াৰ লগতে তেওঁলোকৰ বিৰুদ্ধে বিভাগীয় তদন্তৰো নিৰ্দেশনা দিয়ে ।

চেমুয়েল চাংচনে উল্লেখ কৰা অনুসৰি এই সমগ্ৰ ঘটনাৰ বিভাগীয় তদন্তৰ দায়িত্ব দিয়া হৈছে স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিব টি টি দাওলাগাপু, স্বাস্থ্য বিভাগৰ উপ-সচিব ৰেবেকা চাংচন, স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ যুটীয়া সঞ্চালিকা ডাঃ কল্পনা কেম্প্ৰাই, মাইবাং লাংটিং স্বাস্থ্য ব্ল’কৰ দায়িত্বত থকা ডাঃ ৰশ্মি হোজাইক ৷ তেওঁলোকে দেওবাৰে খেপৰে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰে । এই তদন্ত কমিটিয়ে সোমবাৰে সন্ধিয়া অথবা মঙলবাৰে তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিব আৰু ইয়াৰ পিচতেই 9 গৰাকী স্বাস্থ্যকৰ্মীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলি চেমুয়েল চাংচনে জানিবলৈ দিয়ে ৷

সংবাদমেলত চেমুয়েল চাংচনে উল্লেখ কৰা অনুসৰি তদন্তকাৰী দলটোৱে খেপৰে প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটো পৰিদৰ্শন কৰাৰ পাছত মহিলাগৰাকী আৰু তেওঁৰ সন্তানৰ স্বাস্থ্যৰ বুজ লয় ৷ বৰ্তমান মহিলাগৰাকী আৰু তেওঁৰ পুত্ৰ সন্তান সুস্থ আছে বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিভাগৰ কাৰ্যনিৰ্বাহক সদস্যগৰাকীয়ে । তেওঁ লগতে চিকিৎসক বা স্বাস্থ্যকৰ্মীৰ এনে ধৰণৰ কৰ্তব্যত গাফিলতি কৰাৰ বিষয়টো কেতিয়াও সহ্য কৰা নহ’ব বুলি সংবাদমেলত সদৰি কৰে ৷

লগতে পঢ়ক :কৰ্তব্যত গাফিলতি: চাকৰিৰ পৰা নিলম্বন চিকিৎসকসহ 9 গৰাকী স্বাস্থ্যকৰ্মীক

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details