অসম

assam

ETV Bharat / state

মন্ত্ৰী পিয়ুষৰ বিৰুদ্ধে সৰৱ হাফলং প্ৰেছ ক্লাব, ডিমা হাছাও জাৰ্ণালিষ্ট ইউনিয়ন - হাফলং প্ৰেছ ক্লাবৰ সভাপতি সূৰ্য থাওচেন

মন্ত্ৰী পিয়ুষ হাজৰিকাই সাংবাদিকক কৰা দুৰ্ব্যৱহাৰৰ বাবে সৰৱ হৈ পৰিছে এতিয়া সমগ্ৰ ৰাজ্য ৷ শনিবাৰে হাফলঙত এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰা হয় আৰু এই প্ৰতিবাদৰ দ্ধাৰাই হাফলং প্ৰেছ ক্লাব আৰু ডিমা হাছাও জাৰ্ণালিষ্ট ইউনিয়নৰ সদস্য সকল ৷ সদস্য সকলে মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা ল'বৰ বাবে দাবী জনায় ৷

মন্ত্ৰী পিয়ুষ হাজৰিকাৰ বিৰুদ্ধে সৰৱ হাফলং প্ৰেছ ক্লাব আৰু ডিমা হাছাও জাৰ্ণালিষ্ট ইউনিয়ন
মন্ত্ৰী পিয়ুষ হাজৰিকাৰ বিৰুদ্ধে সৰৱ হাফলং প্ৰেছ ক্লাব আৰু ডিমা হাছাও জাৰ্ণালিষ্ট ইউনিয়ন

By

Published : Apr 3, 2021, 6:22 PM IST

ডিমা হাছাও,3 এপ্ৰিল: মন্ত্ৰী পিয়ুষ হাজৰিকাই সাংবাদিকক কৰা দুৰ্ব্যৱহাৰৰ বাবে এতিয়া উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা ল'বৰ বাবে সাংবাদিক তথা সাধৰণ জনতাই সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ শনিবাৰে হাফলং প্ৰেছ ক্লাব আৰু ডিমা হাছাও জাৰ্ণালিষ্ট ইউনিয়নেও এই ঘটনাৰ গৰিহণা দিয়ে ৷ ৰাজ্যত সাংবাদিকৰ ওপৰত বৃদ্ধি পোৱা আক্ৰমণৰ ঘটনা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে হাফলং প্ৰেছ ক্লাব আৰু ডিমা হাছাও জাৰ্ণালিষ্ট ইউনিয়নৰ সদস্য সকলে । মন্ত্ৰী পিয়ুষ হাজৰিকাই দুগৰাকীকৈ সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ বাবে মন্ত্ৰীজনৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় ডিমা হাছাও জিলাৰ কৰ্মৰত সাংবাদিক সকলে ৷

মন্ত্ৰী পিয়ুষৰ বিৰুদ্ধে সৰৱ হাফলং প্ৰেছ ক্লাব, ডিমা হাছাও জাৰ্ণালিষ্ট ইউনিয়ন

ইফালে,বিজেপি নেতা পিয়ুষ হাজৰিকাই সাংবাদিকক দিয়া ভাবুকিৰ বাবে তীব্ৰ গৰিহণা দি ডিমা হাছাও জিলা কংগ্ৰেছৰ মুখপাত্ৰ সমৰজিৎ হাফলংবাৰে মন্ত্ৰী পিয়ুষ হাজাৰিকাক ৰাজহুৱা ভাবে ক্ষমা খোজাৰ বাবে আহ্বান জনায়৷ লগতে, সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি দিয়া পিয়ুষ হাজৰিকাৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্যৰ গৃহ বিভাগক আবেদন জনায় সমৰজিৎ হাফলংবাৰে । শনিবাৰে মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে হাফলঙত এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰা হয় আৰু এই প্ৰতিবাদী কাৰ্যসূচীত যোগদান কৰে হাফলং প্ৰেছ ক্লাবৰ সভাপতি সূৰ্য থাওচেন, ডিমা হাছাও জাৰ্ণালিষ্ট ইউনিয়নৰ সাধাৰণ সম্পাদক নিৰ্মল সিঙৰ লগতে জিলাৰ সাংবাদিক সকলে ।

অন্য এক খবৰৰ বাবে: মামাই বুলেট দিলে, মই চাৰিচকীয়া বাহন দিম:কোনে দিলে এই অ'ফাৰ ?

ABOUT THE AUTHOR

...view details