অসম

assam

ETV Bharat / state

প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত ডিমা হাছাওৰ জনজীৱন ব্যাহত - হাফলং

বৃহস্পতিবাৰ নিশা প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত ডিমা হাছাও জিলাৰ বিভিন্ন ভোট কেন্দ্ৰৰ পৰা ভোট কৰ্মী সকল ইভিএম লৈ উপস্থিত হ’ব পৰা নাছিল ষ্টং ৰূমত। তাৰমাজতে প্ৰত্যন্ত জিনাম ভেলিৰ ভোট গ্ৰহণ কেন্দ্ৰৰ কৰ্মী সকল শুকুৰবাৰে দুপৰীয়া হাফলং আহি উপস্থিত হয় ।

প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত ডিমা হাছাওৰ জনজীৱন ব্যাহত
প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত ডিমা হাছাওৰ জনজীৱন ব্যাহত

By

Published : Apr 2, 2021, 7:04 PM IST

ডিমা হাছাও, 2 এপ্ৰিল:প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত ডিমা হাছাও জিলাৰ জনজীৱন সম্পূৰ্ণ ব্যাহত হৈ পৰিছে। উল্লেখযোগ্য যে, বৃহস্পতিবাৰ নিশা প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত ডিমা হাছাও জিলাৰ বিভিন্ন ভোট কেন্দ্ৰৰ পৰা ভোট কৰ্মী সকল ইভিএম লৈ উপস্থিত হ’ব পৰা নাছিল ষ্টং ৰূমত। তাৰমাজতে প্ৰত্যন্ত জিনাম ভেলিৰ ভোট গ্ৰহণ কেন্দ্ৰৰ কৰ্মী সকল শুকুৰবাৰে দুপৰীয়া হাফলং আহি উপস্থিত হয় । বৃহস্পতিবাৰে নিশা অহা প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত ডাঙৰ-ডাঙৰ গছ ভাঙি পৰি পথ বন্ধ হৈ যোৱাৰ ফলত ভোট গ্ৰহণ কেন্দ্ৰৰ কৰ্মী সকলক হাফলং অহাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হৈছিল ৷

প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত ডিমা হাছাওৰ জনজীৱন ব্যাহত

ইপিনে বৃহস্পতিবাৰে প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত হাফলং চহৰৰ বিভিন্ন ঠাইত পথৰ ওপৰত গছ ভাঙি পৰাৰ ফলত কিছু সময়ৰ বাবে যানবাহন চলাচল বন্ধ আছিল শুক্ৰবাৰে। ইয়াৰ উপৰি ধুমুহাৰ ফলত বিদ্যুৎ পৰিসেৱা সম্পূৰ্ণ বাবে বিপৰ্যস্ত হৈ পৰিছে হাফলং চহৰত।

লগতে পঢ়কঃ দায়িত্বশীল মন্ত্রীৰ দায়িত্বজ্ঞানহীন আচৰণ

ABOUT THE AUTHOR

...view details