ডিমা হাছাও , 5 জুনঃ 13 বছৰৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ত ডিমা হাছাও জিলাৰ বহু চৰ্চিত পূৰ্নেন্দু নিন্দু লাংথাচা হত্যাকাণ্ডৰ শপতনামা দাখিল কৰিলে অসম চৰকাৰ আৰু অসম আৰক্ষীয়ে ৷ উল্লেখযোগ্য যে , 2007 চনৰ 4 জুনত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ তৎকালীন চিইএম পূৰ্নেন্দু লাংথাচা আৰু ইএম নিন্দু লাংথাচাক দীহাঙ্গী আৰক্ষী থানাৰ অন্তৰ্গত লাংলাই হাচনু গাঁৱত গুলিয়াই হত্যা কৰিছিল উগ্ৰপন্থী সংগঠন ডিএইচডি জুয়েল গোটে ৷ এই হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ বৰ্তমান চিইএম দেৱলাল গাৰ্লচাৰ বিৰুদ্ধে ৷
সম্প্ৰতি নিন্দু লাংথচাৰ পুত্ৰ ডেনিয়েল লাংথাচাই এই হত্যাকাণ্ডৰ চিবিআই তদন্তৰ দাবী জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন গোচৰ দিয়াৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰ আৰু অসম আৰক্ষীক এই হত্যাকাণ্ডৰ শপতনামা দাখিল কৰাৰ নিৰ্দেশ দিছিল ৷ এই নিৰ্দেশৰ ভিত্তিতেই শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত শপতনামা দাখিল কৰে ৰাজ্য চৰকাৰ আৰু অসম আৰক্ষীয়ে ৷