ডিমা হাছাও, 22 মে’:সন্তোষ হোজাই হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এচআইটিয়ে ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত সন্তোষ হোজাই হত্যাকাণ্ডৰ তদন্তৰ বাবে এচআইটি গঠন কৰি দিয়াৰ পিছত বৃহস্পতিবাৰে দক্ষিণ অসম প্ৰান্তৰ উপ-আৰক্ষী অধীক্ষক দিলীপ কুমাৰ দে আৰু ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক জয়ন্ত সিং সন্তোষ হোজাইৰ ঘৰত উপস্থিত হয় আৰু মৃত সন্তোষ হোজাইৰ পত্নীৰ সৈতে সাক্ষাৎ গ্ৰহণ কৰে ৷
আৰক্ষী অধীক্ষকে সন্তোষ হোজাইৰ পত্নীক জানিবলৈ দিয়া অনুসৰি, এই হত্যাকাণ্ডৰ নিৰপেক্ষ তদন্ত হোৱাৰ বাবে পূৰ্বৰ আৰক্ষী অধীক্ষক বীৰবিক্ৰম গগৈ আৰু উপ-আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাঙক ডিমা হাছাওৰ পৰা বদলি কৰা হৈছে । আনহাতে, উপ-আৰক্ষী অধীক্ষক দিলীপ কুমাৰ দে’য়ে কয় যে, তদন্তৰ বাবে পূৰ্বৰ আৰক্ষী অধীক্ষক আৰু উপ-আৰক্ষী অধীক্ষকক নিযুক্তি দিলে তদন্তৰ ক্ষেত্ৰত সমস্যা সৃষ্টি হোৱাৰ সম্ভাৱনা আছে ৷