অসম

assam

ETV Bharat / state

ডিমা হাছাওৰ থুৰুকত তুষাৰপাত - ১৩০ কিলোমিটাৰ

প্ৰচণ্ড শীতৰ কৱলত ডিমা হাছাও । থুৰুকত প্ৰৱল তুষাৰপাত । ডিমা হাছাওৰ সদৰ চহৰ হাফলঙৰ পৰা ১৩০ কিলোমিটাৰ দূৰত থকা এখন গাঁও হৈছে থুৰুক ।

ডিমা হাছাও থুৰুকত তুষাৰপাত
ডিমা হাছাও থুৰুকত তুষাৰপাত

By

Published : Jan 1, 2021, 8:17 PM IST

ডিমা হাছাও, ১ জানুৱাৰী: বছৰৰ শেষ ভাগৰ পৰাই ৰাজ্যত হাড় কঁপোৱা শীত আৰম্ভ হৈছে । বিগত কেইদিনে গুৱাহাটী মহানগৰী আৰু ইয়াৰ উপকন্ঠ অঞ্চলসমূহৰ লগতে অসমৰ বিভিন্ন জিলাত শীতৰ প্ৰকোপ বৃদ্ধি পাইছে । অসমৰ পাহাৰীয়া জিলা ডিমা হাছাওৰ থুৰুকত প্ৰচণ্ড তুষাৰপাত । ফলত সমগ্ৰ জিলাখন এতিয়া প্ৰচণ্ড শীতৰ কৱলত পৰিছে । ডিমা হাছাওৰ সদৰ চহৰ হাফলঙৰ পৰা ১৩০ কিলোমিটাৰ দূৰত থকা এখন গাঁও হৈছে থুৰুক । এই গাঁওখনত বিশেষ জাতি জনগোষ্ঠীৰ লোক বসবাস কৰে ।

ডিমা হাছাও থুৰুকত তুষাৰপাত

অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ থুৰুক গাঁওখন প্ৰচণ্ড ঠাণ্ডা প্ৰৱন এখন গাঁও । অসমৰ এই গাঁওখনত শীতৰ সময়ত তুষাৰপাত হয় । যোৱা চাৰি-পাঁচ বছৰৰ পৰা থুৰুক গাঁৱত শীতৰ সময়ত তুষাৰপাত হয় আৰু এই তুষাৰপাত আৰম্ভ হয় নৱেম্বৰৰ পৰা আৰু ফেব্ৰুৱাৰী মাহলৈকে । প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপুৰ এই থুৰুক গাঁওখন বৃহৎ পৰ্যটন কেন্দ্ৰ স্থলী হিচাবে গঢ়ি উঠিব পাৰে; কিন্তু তাৰ বাবে পৰ্যটন বিভাগ আৰু চৰকাৰে ব্যৱস্থা লব লাগিব বুলি স্থানীয় ৰাইজে জনায় । ইতিমধ্যে ৰাজ্য চৰকাৰ, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ আৰু পৰ্যটন বিভাগে ডিমা হাছাওৰ পৰ্যটন শিল্পক বিশ্বৰ মানচিত্ৰত তুলি ধৰাৰ বাবে পদক্ষেপ লৈছে ।

লগতে পঢ়ক: কৰ্ণাটকৰ ৬০ শতাংশ গাওঁ পঞ্চায়ত বিজেপিৰ দখলত : য়েডিয়ুৰাপ্পা

ABOUT THE AUTHOR

...view details