ETV Bharat Assam

অসম

assam

ETV Bharat / state

ডিমা হাছাওত দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি - দুৰ্গা পূজা

ডিমা হাছাও জিলাত দুৰ্গা পূজাৰ প্ৰস্তুতি ৷ সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি হাফলঙত 11 খন পূজা অনুষ্ঠিত হ’ব ৷

Durga Puja preparation in Dima Hasao
ডিমা হাছাওত দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি
author img

By

Published : Oct 19, 2020, 6:12 PM IST

ডিমা হাছাও,19 অক্টোবৰ : ক’ভিড সৃষ্ট পৰিস্থিতিৰ মাজতে ডিমা হাছাও জিলাত চলিছে দুৰ্গা পূজাৰ প্ৰস্তুতি ৷ ৰাজ্যৰ স্বাস্থ্য বিভাগে জাৰি কৰা ক’ভিড প্ৰট’কল মানি পালন কৰা হ’ব এই বৰ্ষৰ শাৰদীয় দুৰ্গা পূজা ৷

স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনা অনুসৰি,পূজা কমিটিৰ সকলো সদস্য আৰু পুৰোহিতে পঞ্চমী আৰু দশমীৰ পিছদিনা শ্বাৱ পৰীক্ষা কৰিব লাগিব । পূজাত অহা দর্শনাৰ্থী সকলোৱে বৰ্তাই ৰাখিব লাগিব সামাজিক দূৰত্ব । লগতে মাস্ক পৰিধান কৰিব লাগিব ৷ একেলগে 50 জনতকৈ অধিক লোক পূজা পেণ্ডেলত থাকিব নোৱাৰিব ।

in article image
ডিমা হাছাওত দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি

হাফলং বজাৰ কালি মন্দিৰৰ সম্পাদক অৰ্জুন সাহায় কয় যে,‘‘চৰকাৰ ফালৰ পৰা যি নিয়ম বান্ধি দিয়া হৈছে সেই অনুযায়ী আমি পূজা পাতিম । মন্দিৰত যি কোনো প্ৰকাৰে সামাজিক দূৰত্ব পালন কৰা হ’ব। মানি চলা হ’ব সম্পূৰ্ণ স্বাস্থ্য বিধি ৷ আমাৰ সকলো সদস্য ক’ভিড পৰীক্ষাৰ বাবে সাজু হৈ আছে । এইবেলি হাফলঙত 11 খন দুৰ্গাপূজা অনুষ্ঠিত হ’ব ।’’

লগতে পঢ়ক :2021 ত দিছপুৰ দখল কৰিব অসম জাতীয় পৰিষদে : অদীপ ফুকন

ABOUT THE AUTHOR

...view details