ডিমা হাছাও, ২২ জানুৱাৰী: উগ্ৰপন্থী সংগঠন ডিমাচা নেশ্যনেল লিবাৰেছন আৰ্মী চমূকৈ ডিএনএলএ অহা ২৪ জানুৱাৰীৰ পৰা ৩৬ ঘণ্টীয়া ডিমা হাছাও বন্ধৰ আহ্বান জনাইছে । অহা ২৪ জানুৱাৰীৰ সন্ধিয়া ৫ বজাৰ পৰা বন্ধৰ আৰম্ভ হ'ব আৰু অহা ২৬ জানুৱাৰীৰ পুৱা ৫ বজাত অন্ত পৰিব ।
অহা ২৪ জানুৱাৰীৰ পৰা ৩৬ ঘণ্টীয়া ডিমা হাছাও বন্ধৰ আহ্বান উল্লেখ্য যে, ডিমা হাছাও জিলাৰ ভূমি 'নাগালিম'ত অন্তৰ্ভুক্ত হোৱাৰ খবৰ প্ৰকাশ হোৱাৰ পিছতে ২০১৮ চনৰ ২৫ জানুৱাৰীত ডিমা হাছাও জিলাৰ বিভিন্ন দল সংগঠনে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি মাইবাং ৰে'ল ষ্টেছনত ৰে'ল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছিল ।
অহা ২৪ জানুৱাৰীৰ পৰা ৩৬ ঘণ্টীয়া ডিমা হাছাও বন্ধৰ আহ্বান প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থকাৰ সময়তে আৰক্ষীৰ গুলীত মিঠুন ডিবৰাগেডে আৰু প্ৰবান্ত হাকমাকচা নামৰ দুই গৰাকী যুৱক নিহত হৈছিল । তাৰ পিছৰে পৰা ২৫ জানুৱাৰীৰ দিনটো ক'লা দিৱস হিচাপে পালন কৰি আহিছে বিভিন্ন ডিমাচা সংগঠনে । লগতে ডিমাচা নেশ্যনেল লিবাৰেছন আৰ্মীয়েও ক'লা দিৱস পালন কৰি আহিছে । সেয়ে, অহা ২৪ জানুৱাৰীৰ সন্ধিয়াৰ পৰা ৩৬ ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছে ।
লগতে পঢ়ক:গুৱাহাটীত আটক বিহাৰৰ পৰা আহি বাহৰ পতা 6 চিলনী চোৰ