অসম

assam

ETV Bharat / state

Busu Dima celebration : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ডিমাচা সকলে উদযাপন কৰিলে বুচুডিমা - পৰম্পৰাগত ডিমাছা সুৰা জুডিমা

আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিমা হাছাও জিলাতো উদযাপন কৰা হৈছে এই বুচুডিমা উৎসৱ (Dimasa tribe celebrates Busu Dima at Dima Hasao) ৷ এই বুচুডিমা উৎসৱৰ উদ্বোধন কৰে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লচায়ই ৷

dimasa-tribe-celebrates-busu-dima-festival-at-dima-hasao
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ডিমাচা সকলে উদযাপন কৰিলে বুচুডিমা

By

Published : Jan 27, 2022, 9:27 PM IST

ডিমা হাছাও, 27 জানুৱাৰী :আজি ডিমাছা জনগোষ্ঠীৰ অতি আদৰৰ উৎসৱ বুচুডিমা অৰ্থাৎ ডিমাছা সকলৰ বিহু (Busu Dima is the biggest local festival) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিমা হাছাও জিলাতো উদযাপন কৰা হৈছে এই বুচুডিমা উৎসৱ (Dimasa tribe celebrates Busu Dima at Dima Hasao) ৷ ডিমা হাছাওৰ হাফলঙৰ ৰাজা গোবিন্দ চন্দ্ৰ ৰাজীত অনুষ্ঠিত হোৱা এই বুচুডিমা উৎসৱৰ উদ্বোধন কৰে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লচায়ই ৷

উল্লেখ্য যে, বুচুডিমা উৎসৱ হৈছে ডিমাছা জনগোষ্ঠীৰ সৰ্ব বৃহৎ উৎসৱ ৷ প্ৰতিবছৰে 27 জানুৱাৰী তাৰিখে এই উৎসৱ পালন কৰা হয় ৷ ডিমাছা জনগোষ্ঠীৰ লোকসকলে গোটেই বছৰ খেতিপথাৰত কাম কৰি ঘৰতে ফচল তুলি ৰখাৰ পাছতে এই বুচুডিমা উৎসৱ উদযাপন কৰে । এই উৎসৱত বিভিন্ন ধৰণৰ সুস্বাদু খোৱাৰ বস্তু লগতে ডিমাছা জনগোষ্ঠীৰ পৰম্পৰাগত পানীয় জুডিমা' বনোৱা হয় ৷

বুচুডিমা উৎসৱত অহা সকলো অতিথিক এই বিশেষ পানীয় জুডিমাৰ জৰিয়তে অভ্যৰ্থনা জনোৱা হয় । ডিমাছা বাদ্য যন্ত্ৰ ঢোল আৰু বাছিৰ শব্দৰ তালে তালে সকলোৱে ডিমাছা জনগোষ্ঠীৰ পৰম্পৰা নৃত্য বাইডিমা নাচি উঠে ৷ ৰাজ্যত ক'ভিডৰ সংহাৰী ৰূপৰ বাবে এইবাৰ চৰকাৰী নিয়ম নীতি মানি আৰু কোভিড বিধি মানি পাহাৰীয়া জিলাৰ বিভিন্ন ঠাইত বুচুডিমা উৎসৱ উদযাপন কৰা হয়।

লগতে পঢ়ক :প্ৰতিবাদস্থলীত আৰক্ষীৰ সৈতে টনা-আজোৰা লাগিল অংকিতা দত্তৰ

ABOUT THE AUTHOR

...view details