অসম

assam

দ্বাদশ শ্ৰেণীলৈকে ডিমাছা ভাষাৰ পাঠ্যপুথি অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তুতি ডিমাছা সাহিত্য সভাৰ

By

Published : May 8, 2022, 8:05 AM IST

ডিমাছা প্ৰাচীন সভ্যতা ও প্ৰাচীন জনজাতি। ডিমাছা জনগোষ্ঠীৰ সাহিত্যত ডিমাছাসকলৰ সংস্কৃতি সমাজৰ নীতিনিয়ম আৰু ডিমাছাসকলৰ পৰম্পৰা লোক-সংস্কৃতি অন্তৰ্ভুক্ত ৷ কিন্তু এতিয়ালৈকে ডিমাছা ভাষাৰ পাঠ্যপুথিত সেয়া অন্তৰ্ভুক্ত কৰা হোৱা নাই ৷ যাৰবাবে ডিমাছা সাহিত্য সভাই অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ডিমাছা ভাষাৰ পাঠ্যপুথি অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তুতি চলাইছে(Dimasa Sahitya Sabha prepares to include Dimasa language textbooks) ৷

Dimasa Sahitya Sabha prepares to include Dimasa language textbooks
দ্বাদশ শ্ৰেণীলৈকে ডিমাছা ভাষাৰ পাঠ্যপুথি অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তুতি ডিমাছা সাহিত্য সভাৰ

ডিমা হাছাও, 8 মে’ : ৰাজ্যৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওত অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী লৈ ডিমাছা ভাষাৰ পাঠ্যপুথি অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তুতি চলাইছে ডিমাছা সাহিত্য সভাই(Dimasa language textbooks up to Class XII) । ডিমাছা সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ত শনিবাৰ বিয়লি এখন সংবাদমেল সম্বোধন কৰি ডিমাছা সাহিত্য সভাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক কুমুদ কেম্প্ৰাইয়ে জানিবলৈ দিয়ে এই কথা ৷ তেওঁ ইতিমধ্যে ডিমা হাছাও জিলাৰ বিদ্যালয়সমূহত প্ৰথম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈকে ডিমাছা ভাষাৰ(Tribal languages of Assam) পাঠ্যপুথি অন্তৰ্ভুক্ত কৰা হৈছে বুলি জানিবলৈ দিয়ে ।

সংবাদমেলত কুমুদ কেম্প্ৰাইয়ে কয়, ডিমা হাছাও জিলাত ডিমাছা জনগোষ্ঠীৰ মাতৃভাষা হিচাবে এতিয়া বিদ্যালয়সমূহত অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ডিমাছা ভাষাৰ পাঠ্যপুথি অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তুতি চলোৱা হৈছে । ইতিমধ্যে সাহিত্য সভাৰ এখন চাব কমিটিয়ে ডিচেম্বৰৰ পৰা এই পাঠ্যপুথিৰ কাম আৰম্ভ কৰি এপ্ৰিল মাহলৈকে পাঠ্যপুথি কাম সম্পূৰ্ণ কৰি তুলিছে । এতিয়া এই পাঠ্যপুথি অনুমোদনৰ বাবে মাধ্যমিক শিক্ষা পৰিষদ উচ্চ মাধ্যমিক শিক্ষা পৰিষদ আৰএমএছএ আৰু এছএছৰ অনুমোদনৰ বাবে পঠোৱা হ’ব বুলি জানিবলৈ দিয়ে কুমুদ কেম্প্ৰাইয়ে ।

ডিমাছা সাহিত্য সভাৰ নেতৃবৃন্দ

তেওঁ ইয়াৰ বাবে এতিয়া যুদ্ধকালীন প্ৰস্তুতিতে কাম চলিছে বুলি জানিবলৈ দিয়ে ৷ তেওঁ আৰু কয় প্ৰথম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ এতিয়া ডিমাছা ভাষাত ডিমাছা জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা দিয়াৰ ক্ষেত্ৰত নতুনকৈ শিক্ষক-শিক্ষয়ত্ৰী নিয়োগ কৰা হোৱা নাই ৷ বিদ্যালয়সমূহত বৰ্তমানে যিসকল ডিমাছা শিক্ষক-শিক্ষয়ত্ৰী আছে, তেওঁলোকে ডিমাছা ভাষাৰ পাঠদান চলাই আছে বুলি জানিবলৈ দিয়ে কুমুদ কেম্প্ৰাইয়ে ।

অন্যহাতে ডিমাছা সাহিত্য সভাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি ৰমেশ থাওচেনে সংবাদমেলত কয় যে, ডিমাছা সাহিত্য সভাৰ ইতিমধ্যে 24 বছৰ হৈছে কিন্তু ডিমা হাছাও জিলাৰ বিদ্যালয়সমূহত প্ৰথম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ ডিমাছা ভাষাৰ পাঠ্যপুথি অন্তৰ্ভুক্ত কৰা হৈছে যদিও ডিমাছা সাহিত্যৰ যিমান প্ৰসাৰ হোৱাৰ কথা আছিল সেয়া হোৱা নাই । ডিমাছা জনগোষ্ঠীৰ সাহিত্যত ডিমাছাসকলৰ সংস্কৃতি সমাজৰ নীতিনিয়ম আৰু ডিমাছাসকলৰ পৰম্পৰা লোক-সংস্কৃতি অন্তৰ্ভুক্ত ৷ কিন্তু এতিয়ালৈকে ডিমাছা ভাষাৰ পাঠ্যপুথিত সেয়া অন্তৰ্ভুক্ত কৰিব পৰা হোৱা নাই ৷ যাৰবাবে ডিমাছা সাহিত্য সভাই যুৱ লেখকসকলক আনি তেওঁলোকৰ প্ৰশিক্ষণ আৰু কৰ্মশালা কৰাৰ পৰিকল্পনা কৰিছে ৷

লগতে পঢ়ক :Assam Cabinet Decisions : ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ABOUT THE AUTHOR

...view details