অসম

assam

ETV Bharat / state

ভোট গণনাৰ পূৰ্বে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ডিমা হাছাও জিলা প্ৰশাসনৰ - ৰাজনৈতিক দল

ৰাজ্যত 2 মে’ত ঘোষণা হ’ব বিধান সভা নিৰ্বাচনৰ ফলাফল ৷ ইয়াকলৈ এতিয়া প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজ্য়ৰ প্ৰতিখন জিলাৰ প্ৰশাসনে ৷

dimahasao-administration-ready-for-counting
ভোট গণনাৰ পূৰ্বে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ডিমা হাছাও জিলা প্ৰশাসনৰ

By

Published : Apr 30, 2021, 10:53 PM IST

ডিমা হাছাও, 30 এপ্ৰিল : 2 মে’ৰ বিধান সভা নিৰ্বাচনৰ ফলাফল ঘোষণালৈ মাজত মাত্ৰ এটা দিন । ইতিমধ্যে, ৰাজ্য়ৰ অন্য প্ৰান্তৰ দৰেই ডিমা হাছাও জিলা প্ৰশাসনেও ভোট গণনাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ।

কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতে ভোট গণনাৰ বাবে সাজু হৈছে ডিমা হাছাও জিলা প্ৰশাসন । জানিব পৰামতে, মুঠ তিনিটা কক্ষত 21 খন টেবুলত জিলাখনৰ ভোট গণনা সম্পন্ন কৰা হ’ব । ইয়াৰে 3 নম্বৰ কক্ষত কৰা হ’ব পোষ্টেল বেলটৰ গণনা ৷

ভোট গণনাৰ পূৰ্বে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ডিমা হাছাও জিলা প্ৰশাসনৰ

ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত পল বৰুৱাই সাংবাদিকৰ আগত জনায় যে, 2 মে’ৰ ৰাতিপুৱা 8 বজাৰ পৰা আৰম্ভ হ’ব ভোট গণনাৰ কাম । ইয়াৰ লগতে, ভোট গণনাৰ বাবে কঠোৰ কৰা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ ভোট গণনাৰ প্ৰথম পৰ্যায়ত নিৰাপত্তাৰ দায়িত্বত থাকিব অসম আৰক্ষী আৰু দ্বিতীয় পৰ্যায়ত থাকিব অসম আৰক্ষীৰ সশস্ত্ৰ বাহিনী আৰু তৃতীয় পৰ্যায়ত থাকিব চিআৰপিএফ ।

উপায়ুক্ত গৰাকীয়ে লগতে জনায় যে, ভোট গণনা কেন্দ্ৰৰ পৰা 100 মিটাৰ দূৰত্বৰ ভিতৰত কোনো ধৰণৰ যান-বাহন চলাচল কৰিব নোৱাৰিব । নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে ভোট গণনাৰ পৰৱৰ্তী সময়ত কোনো ধৰণৰ মিছিল বা বিজয় উৎসৱৰো আয়োজন কৰিব নোৱাৰিব ৰাজনৈতিক দল সমূহে ৷ সেইবাবে সমগ্ৰ জিলাখনত জিলা প্ৰশাসনে 144 ধাৰা জাৰি কৰাৰ কথা প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক :নিৰ্বাচনী সমীক্ষা প্ৰসংগত ছিদ্দিক আহমেদৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details