ডিমা হাছাও, 31 জুলাই :ডিমা হাছাও জিলাত ৰেপিড এন্টিজেন টেষ্টত বৃদ্ধি পাইছে ক'ভিড-19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ শুকুৰবাৰে পুনৰ ডিমা হাছাও জিলাত নতুনকৈ 7 গৰাকীৰ দেহত ধৰা পৰে ক'ভিড-19 ৰ উপস্থিতি । ইয়াৰে দিয়ুংমুখ চেকপ’ষ্টত 3 গৰাকী ব্যক্তি, ডিটেকচৰা চেকপ’ষ্টত 2 গৰাকী আৰু মানদাৰদিছা চেকপ’ষ্টত 1 গৰাকী ব্যক্তিৰ দেহত ধৰা পৰে ক'ভিড-19 পজিটিভ ৷
ইফালে, বৰ্তমানলৈ জিলাখনত 183 গৰাকী লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ ইয়াৰে 156 গৰাকী ৰোগী আৰোগ্য লাভ কৰিছে ৷ বৰ্তমানেও হাফলং অসামৰিক চিকিৎসালয়ৰ আইচ’লেচনত 25 গৰাকী ৰোগীৰ চিকিৎসা চলি থকাৰ বিপৰীতে 2 গৰাকী ৰোগীৰ চিকিৎসা অন্য চিকিৎসালয়ত চলি থকাৰ তথ্য প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগে । আনহাতে, ডিমা হাছাও জিলাৰ উমৰাংচো 3 কিলোত মহীবোৰ ইছলাম নামৰ এগৰাকী ব্যক্তিৰ ঘৰ আজি কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে ডিমা হাছাও প্ৰশাসনে ।