অসম

assam

ETV Bharat / state

এতিয়াৰে পৰা ডিমা হাছাওৰ কাৰ্যালয়তো বাধ্যতামূলক পৰম্পৰাগত সাজ - পৰম্পৰাগত সাজ

চাৰি নৱেম্বৰৰ পৰা প্ৰতি মাহৰ সোমাবাৰে কৰ্মচাৰীয়ে নিজৰ নিজৰ পৰম্পৰাগত পোছাক পৰিধান কৰি কাৰ্যালয়ত উপস্থিত হোৱাৰ বাবে নিৰ্দেশ দিছে পৰিষদৰ প্ৰধান সচিবে

ডিমা হাছাৱৰ কাৰ্যালয়ত বাধ্যতামূলক পৰম্পৰাগত সাজ

By

Published : Nov 1, 2019, 10:24 PM IST

ডিমা হাছাও 1 নৱেম্বৰ: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কৰ্মচাৰী সকলে নিজৰ নিজৰ পৰম্পৰাগত পোছাক পৰিধান কৰি উপস্থিত হ'ব লাগিব কাৰ্যালয়ত । চাৰি নৱেম্বৰৰ পৰা প্ৰতি মাহৰ সোমাবাৰে কৰ্মচাৰীয়ে নিজৰ নিজৰ পোছাক পৰিধান কৰি কাৰ্যালয়ত উপস্থিত হ'বলৈ নিৰ্দেশ দিছে পৰিষদৰ প্ৰধান সচিবে । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিব মুকুট কেম্প্ৰাইয়ে এই সম্পৰ্কে জাৰি কৰিছে এক নিৰ্দেশ । নিৰ্দেশত প্ৰধান সচিবে উল্লেখ কৰে যে, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধীনত থকা বিভিন্ন চৰকাৰী বিভাগৰ কৰ্মচাৰীৰ লগতে চি ই এম, ই এমৰ অধ্যক্ষয়েও পৰিষদৰ সদস্য সকলৰ বাবে এই নিয়ম প্ৰযোজ্য কৰিছে ।

ডিমা হাছাৱৰ কাৰ্যালয়ত বাধ্যতামূলক পৰম্পৰাগত সাজ


আনহাতে, পৰিষদৰ প্ৰধান সচিবে নিৰ্দেশত উল্লেখ কৰে যে, এই নতুন নিয়ম আৰম্ভ হোৱাৰ পিছত কোনো কৰ্মচাৰীয়ে যদি নিজৰ নিজৰ পৰম্পৰাগত পোছাক পৰিধান কৰি কাৰ্যালয়ত উপস্থিত নহয় ইয়াৰ বাবে কৰ্মচাৰী চি ই এম, ই এমৰ অধ্যক্ষ আৰু পৰিষদৰ সদস্য সকলৰ এক মাহৰ বেতন কৰ্তন কৰা হ'ব ।


উল্লেখ্য যে, বিগত 29 অক্টোবৰত বিজেপি শাসিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহ সমিতিৰ এখন সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details