ডিমা হাছাও,13 ডিচেম্বৰ: সোমবাৰে 12 ঘন্টীয়া ডিমা হাছাও জিলা বন্ধৰ ঘোষণা কৰিছে এন চি হিলচ ইণ্ডিজিনিয়াচ পিপলছ ফ'ৰামে ৷ সোমবাৰে পুৱা 5 বজাৰ পৰা বিয়লি 5 বজালৈ এই বন্ধৰ ঘোষণা কৰিছে সংগঠনটোৱে ৷ ডিমা হাছাও জিলাক দ্বি-খণ্ডিত কৰি পৃথক জিলা আৰু পৃথক স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবীত এই বন্ধৰ ঘোষণা কৰিছে সংগঠনটোৱে ৷ সংগঠনটোৱে দীৰ্ঘদিনৰ পৰা এই দাবী জনাই অহাৰ পাচতো চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ সংগঠনটোৰ ৷ যাৰ বাবে উক্ত দাবীতেই সোমবাৰে পুনৰ বন্ধৰ দাবী জনাইছে সংগঠনটোৱে ৷
সোমবাৰে 12 ঘন্টীয়া ডিমা হাছাও জিলা বন্ধৰ ঘোষণা
ডিমা হাছাও জিলাক দ্বি-খণ্ডিত কৰি পৃথক জিলা আৰু পৃথক স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবীত এন চি হিলচ ইণ্ডিজিনিয়াচ পিপলছ ফ'ৰামে ঘোষণা কৰিছে বন্ধ ৷
সোমবাৰে 12 ঘন্টীয়া ডিমা হাছাও জিলা বন্ধৰ ঘোষণা
উল্লেখ্য যে,পূৰ্বৰ উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ নাম সলনি কৰি 2010 চনত ডিমা হাছাও জিলা কৰাৰ পিছৰে পৰা মাৰ, নগা, কুকি জনগোষ্ঠীৰ লোকসকলক লৈ গঠিত এন চি হিলচ ইণ্ডিজনাচ পিপলছ ফ'ৰামে ডিমা হাছাও জিলাক দ্বি-খণ্ডিত কৰি পৃথক জিলা আৰু পৃথক স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবী জনাই আহিছে ৷