অসম

assam

ETV Bharat / state

ডিমা হাছাওৰ ষষ্ঠ অনুসূচীৰ ক্ষমতা হ্ৰাস কৰিব বিচাৰিছে বিজেপিয়ে: ডেনিয়েল লাংথাচা

দেওবাৰে হাফলং কংগ্ৰেছ ভৱনৰ সন্মুখত বাবা চাহেব ভীমৰাও আম্বেদকাৰৰ মৃত্যু দিৱসত উপস্থিত থাকি বিজেপিৰ বিৰুদ্ধে তীব্ৰ মন্তব্য কৰে কংগ্ৰেছ নেতা তথা উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ সদস্য ডেনিয়েল লাংথাচাই ৷ তেওঁৰ অভিযোগ, ডিমা হাছাও জিলাৰ পৰা ষষ্ঠ অনুসূচীৰ ক্ষমতা হ্ৰাস কৰাৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে বিজেপি দলে ৷

ডেনিয়েল লাংথাচা
ডেনিয়েল লাংথাচা

By

Published : Dec 6, 2020, 7:56 PM IST

ডিমা হাছাও, 6 ডিচেম্বৰ: ডিমা হাছাও জিলাৰ পৰা ষষ্ঠ অনুসূচীৰ ক্ষমতা হ্ৰাস কৰাৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে বিজেপি দলে ৷ দেওবাৰে হাফলং কংগ্ৰেছ ভৱনৰ সন্মুখত বাবা চাহেব ভীমৰাও আম্বেদকাৰৰ মৃত্যু দিৱসত উপস্থিত থাকি এই মন্তব্য কৰে, কংগ্ৰেছ নেতা তথা উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ সদস্য ডেনিয়েল লাংথাচাই ৷ ডেনিয়েল লাংথাচাৰ মতে, ডিমা হাছাও জিলাত পঞ্চয়ত ৰাজ প্ৰৱৰ্তন কৰাৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে বিজেপি চৰকাৰে ৷

ডিমা হাছাওৰ ষষ্ঠ অনুসূচীৰ ক্ষমতা হ্ৰাস কৰিব বিচাৰিছে বিজেপিয়ে: ডেনিয়েল লাংথাচা

তেওঁৰ অভিযোগ বিটিচিৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ লৈ মন্ত্ৰী হিমন্তই কৈছিল বিটিচিত বিজেপিৰ চৰকাৰ শাসনত আহিলে পঞ্চয়তৰাজৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব ৷ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অসমৰ তিনিওখন জিলাতেই পঞ্চয়তৰাজৰ ব্যৱস্থা প্ৰৱৰ্তন কৰি বিজেপি চৰকাৰে ষষ্ঠ অনুসূচীৰ ক্ষমতা হ্ৰাস কৰিব বিচাৰিছে বুলি মন্তব্য কৰে নেতাগৰাকীয়ে ৷ আনহাতে কংগ্ৰেছ দলে কেতিয়াও ডিমা হাছাও জিলাৰ এনে ক্ষমতা হ্ৰাস কৰিব নিদিয়ে ৷ প্ৰয়োজনত তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি হুংকাৰো প্ৰদান কৰে তেওঁ ৷

লগতে পঢ়ক:অস্তিত্বৰ সংকটত নাওবৈচা হস্ত তাঁত প্ৰশিক্ষণ কেন্দ্ৰ

ABOUT THE AUTHOR

...view details