ডিমা হাছাও, ২৩ এপ্ৰিল:ডিমা হাছাও জিলাত ভয়ংকৰ হাৰত বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা । পাহাৰীয়া জিলা খনত শুকুৰবাৰে আৰু 8 গৰাকী ব্যক্তি কৰ'ণাত আক্ৰান্ত হয়।
ইফালে ডিমা হাছাওত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৪৫ গৰাকীলৈ বৃদ্ধি হৈছে। কিন্তু ইয়াৰ পিছতো পাহাৰীয়া জিলাৰ মানুহৰ মাজত নাই সজাগতা । চৰকাৰৰ পৰা নতুন এছওপি জাৰি কৰাৰ পাচতো অধিকাংশ লোকে মানি চলা নাই ক'ভিডৰ স্বাস্থ্য বিধি আৰু চৰকাৰী নিয়ম নীতি।