অসম

assam

ETV Bharat / state

ডিমা হাছাওত পুনৰ ৬ গৰাকী কৰ'ণাত আক্ৰান্ত

দেওবাৰে নিউ হাফলং ৰেল ষ্টেচনত এগৰাকী, হাফলং অসামৰিক চিকিৎসালয়ত তিনি গৰাকী আৰু উমৰাংচুত দুগৰাকী ব্যক্তি কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে । ইফালে ডিমা হাছাও জিলাত কৰ'ণাত আক্ৰান্ত ৬০ গৰাকী ৰোগীৰ মাজতে ৬ গৰাকী ৰোগী ইতিমধ্যে সুস্থ হৈ উঠিছে ।

ডিমা হাছাওত পুনৰ ৬ গৰাকী আক্ৰান্ত কৰ'ণাত
ডিমা হাছাওত পুনৰ ৬ গৰাকী আক্ৰান্ত কৰ'ণাত

By

Published : Apr 25, 2021, 8:11 PM IST

ডিমা হাছাও, ২৫ এপ্ৰিল : ডিমা হাছাও জিলাত কৰ'ণাৰ সংক্ৰমণে ভয়ংকৰ ৰূপ লৈছে । দেওবাৰে ডিমা হাছাও জিলাত ৬ গৰাকী ব্যক্তি কৰ'ণাত আক্ৰান্ত হৈছে । ইয়াৰ লগে লগে পাহাৰীয়া জিলাখনত কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ৬০ গৰাকীলৈ বৃদ্ধি হৈছে ।

দেওবাৰে নিউ হাফলং ৰেল ষ্টেচনত এগৰাকী, হাফলং অসামৰিক চিকিৎসালয়ত তিনি গৰাকী আৰু উমৰাংচুত দুই গৰাকী ব্যক্তি কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে । ইফালে ডিমা হাছাও জিলাত কৰ'ণাত আক্ৰান্ত ৬০ গৰাকী ৰোগীৰ মাজতে ৬ গৰাকী ৰোগী ইতিমধ্যে সুস্থ হৈ উঠিছে ।

তিনি গৰাকী ৰোগীৰ চিকিৎসা চলি আছে হাফলং অসামৰিক চিকিৎসালয়ত আৰু ৫১ গৰাকী ৰোগীক ৰখা হৈছে হোম আইচ'লেচনত । সমান্তৰালকৈ জিলাখনত অব্যাহত আছে কৰ'ণাৰ টীকাকৰণ প্ৰক্ৰিয়া ।

লগতে পঢ়ক:ক'ভিড পৰা পৰিত্ৰাণ পাবলৈ হোজাইত অখণ্ড ভাগৱত পাঠ

ABOUT THE AUTHOR

...view details