অসম

assam

ETV Bharat / state

ডিমা হাচাওত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত গাঁফিলতি

জাতিংগা-হাৰেংগাজাও চাৰিলেন ঘাইপথ নিৰ্মাণ কাৰ্যত তদন্তৰ দাবী জনায় এন চি হিলচ ইণ্ডিজেনাচ ষ্টুডেন্টচ ফ'ৰামে। ফ'ৰামৰ সভাপতি ডেভিড কেভমে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আহ্বান জনায় ৷

By

Published : Jan 8, 2020, 11:52 PM IST

Corruption in Dima Hasao National Highway
জাতিংগা-হাৰেংগাজাও চাৰিলেন ঘাইপথ নিৰ্মাণত গাফিলতি

ডিমা হাছাও, 8 জানুৱাৰীঃদীৰ্ঘদিন ধৰি ডিমা হাছাওৰ জাতিংগাৰ পৰা হাৰেংগাজাও পৰ্যন্ত 25 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা শোচনীয় হৈ আছে । জাতিংগাৰ পৰা হাৰেংগাজাও লৈ যোৱা চাৰিলেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কাৰ্য্যৰ গাঁফিলতিক তদন্ত কৰাৰ দাবী জনাইছে এন চি হিলচ ইণ্ডিজেনাচ ষ্টুডেন্টচ ফ'ৰামে ৷ ফ'ৰামৰ সভাপতি ডেভিড কেভমে সংবাদ মাধ্যমৰ আগত কয়, যোৱা 13 নৱেম্বৰত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ অভিযন্তা অলক কুমাৰ জাতিংগাৰ পৰা হাৰেংগাজাও পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথ পৰিদৰ্শন কৰিছিল ৷

জাতিংগা-হাৰেংগাজাও চাৰিলেন ঘাইপথ নিৰ্মাণত গাফিলতি

জাতিংগাৰ পৰা হাৰেংগাজাও পৰ্যন্ত 25 কিলোমিটাৰ ঘাইপথ নিৰ্মাণৰ বাবে 54 কোটি টকাৰ অনুমোদন জনোৱা হৈছে ৷ বিগত বছৰৰ 1 ডিচেম্বৰৰ পৰা ঘাইপথ নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি আশ্বাস দিয়াৰ পিছত এতিয়ালৈ আৰম্ভ নহ'ল ৰাস্তা নিৰ্মাণৰ কাম ৷ এই ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মান কাম লৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষ উদাসীন বুলি অভিযোগ উত্থাপন কৰিছে ফৰামৰ সভাপতিয়ে ৷

আৰু পঢ়ক : ডিমা হাছাওত নিৰ্মাণ হ'ব চাৰিলেনযুক্ত পথ

ABOUT THE AUTHOR

...view details