ডিমা হাছাও 30 এপ্ৰিলঃ অৱশেষত 7 দিনৰ অন্তত উদ্ধাৰ হ'ল ঠিকাদাৰ সন্তোষ হোজাইৰ মৃতদেহ । বৃহস্পতিবাৰে গধুলি লাংটিং আৰক্ষী থানাৰ অন্তৰ্গত মুপা সংৰক্ষিত বনাঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিলগত, লেইৰিঙৰ জংঘলত মাটিত পুতি থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰে লাংটিং আৰক্ষীয়ে ।
7 দিনৰ অন্তত উদ্ধাৰ হ'ল ঠিকাদাৰ সন্তোষ হোজাইৰ মৃতদেহ - মুপা সংৰক্ষিত বনাঞ্চল
বৃহস্পতিবাৰে উদ্ধাৰ হয়, 24 এপ্ৰিলৰ পৰা সন্ধানহীন হৈ থকা ঠিকাদাৰ সন্তোষ হোজাইৰ মৃতদেহ । লাংটিঙৰ পৰা 10 কিল'মিটাৰ দূৰত অৱস্থিত এই লেইৰিঙৰ জংঘলত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ ঠিকাদাৰ গৰাকীৰ মৃতদেহ ।
contractor santosh hojai's deadbody recovered near mupa reserve forest
লাংটিঙৰ পৰা 10 কিল'মিটাৰ দূৰত অৱস্থিত এই লেইৰিঙৰ জংঘলত মৃতদেহটো উদ্ধাৰ হোৱাৰ পিচত পৰিয়ালৰ লোকে মৃতদেহটো চিনাক্ত কৰে । উল্লেখ্য যে, যোৱা 24 এপ্ৰিলত লক্ ডাউনৰ সময়ত সন্ধিয়া প্ৰায় 6 বজাত 5 জনীয়া দুৰ্বৃত্তৰ দলে, হাৰেংগাজাও আৰক্ষী থানাৰ অন্তৰ্গত গামাডি হাওৰ গাঁৱৰ পৰা এখন বগা ৰঙৰ বলেৰ' গাড়ীত অপহৰণ কৰি লৈ গৈছিল ঠিকাদাৰ গৰাকীক । তাৰ পিচৰে পৰা সন্ধানহীন হৈ আছিল ঠিকাদাৰ সন্তোষ হোজাই ।
লগতে পঢ়কঃচৰকাৰৰ বিৰুদ্ধে মাত মতাসকলৰ বিৰুদ্ধে জাপি দিছে ভুৱা গোচৰ