অসম

assam

হাফলঙত COVID আক্ৰান্ত মৃতকৰ শেষকৃত্য সম্পন্নত ৰাইজৰ বাধা

By

Published : Oct 5, 2020, 5:51 PM IST

ডিমা হাচাও জিলাৰ হাফলঙৰ এখন COVID চিকিৎসালয়ত মৃত্যু হোৱা লোকৰ শেষকৃত্য সম্পন্ন কাৰ্যত বাধা প্ৰদান কৰে ৰাইজে ৷ জিলা প্ৰশাসনৰ উদাসীনতাৰই বাবেই পাহাৰীয়া জিলাখনত কৰ'ণা আক্ৰান্ত লোকক দাহ কৰিবলৈয়ো স্থান নাই বুলি অভিযোগ উত্থাপন কৰিছে মৃতকৰ আত্মীয়ই ৷

OVID আক্ৰান্ত মৃতকৰ শেষকৃত্য সম্পন্নত ৰাইজৰ বাধা
OVID আক্ৰান্ত মৃতকৰ শেষকৃত্য সম্পন্নত ৰাইজৰ বাধা

ডিমা হাছাও, 5 অক্টোবৰ:হাফলঙত COVID ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা এগৰাকী লোকৰ অন্তিম সৎকাৰক লৈ সৃষ্টি বিতৰ্কৰ ৷ শনিবাৰে হাফলঙৰ বাসিন্দা বলবাহাদুৰ থাপা (75) নামৰ এগৰাকী লোকে COVID-19 ত আক্ৰান্ত মৃত্যুক সাৱটি লোৱাৰ পাচত হাফলং শ্মশানত তেওঁৰ মৃতদেহ দাহ কৰাত বাধা প্ৰদান কৰে ৰাইজে ৷

হাফলঙত COVID আক্ৰান্ত মৃতকৰ শেষকৃত্য সম্পন্নত ৰাইজৰ বাধা

অসমৰ অন্যতম পাহাৰীয়া জিলা খনত জিলা প্ৰশাসনৰ উদাসীনতাৰ বাবেই এতিয়া কৰ'ণা আক্ৰান্ত লোকক দাহ কৰিবলৈয়ো স্থান নাই বুলি অভিযোগ উত্থাপন কৰে ৷ কেৱল জিলা প্ৰশাসনৰ উদাসীনতাৰ বাবেই আজি এনে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে বুলিও উল্লেখ কৰে মৃত লোকগৰাকীৰ আত্মীয়ই ৷ মৃতকৰ আত্মীয়ৰ অভিযোগ অনুসৰি, বলবাহাদুৰ থাপাৰ শনিবাৰে দিনৰ প্ৰায় 11:30 বজাত মৃত্যু হয় ৷ তাৰ পাচৰ পৰাই আত্মীয়ই জিলা প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ সহযোগিতা লাভ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে ৷ ইপিনে 14 ঘণ্টা বলবাহাদুৰ থাপাৰ মৃতদেহ হাফলং অসামৰিক চিকিৎসালয়ৰ মৰ্গত থকাৰ পিচত হোজাই জিলা প্ৰশাসনৰ সহযোগিতাত দেওবাৰে লংকাৰ উদালিত শেষকৃত্য সম্পন্ন কৰা হয় ৷

লগতে পঢ়ক:লিকাবালিত ভয়ংকৰ ঘটনাঃ বাঢ়নী পানীয়ে উটুৱাই নিলে 3 ডাম্পাৰ চালকক

ABOUT THE AUTHOR

...view details