ডিমা হাছাও, 17 অক্টোবৰ :ডিমা হাছাও জিলাত বাংলাদেশী মুছলমানক ৰঙা দলিচা পাৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ বিৰোধী ৰাজনৈতিক দল একলগ হৈ ভোটৰ স্বাৰ্থত বাংলাদেশী মুছলমানক ৰক্ষণাবেক্ষণ দিয়াৰ ষড়যন্ত্ৰ চলিছে বুলি অভিযোগ উত্থাপন কৰিছে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ চি.ই.এম দেৱলাল গাৰ্লচাই ।
শনিবাৰে হাফলং জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত বিজেপি মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহ সভাত উপস্থিত থাকি চি.ই.এম দেৱলাল গাৰ্লচাই কয় যে, জিলাখনত বৃটিছৰ সময়তে ৰে'লপথ নিৰ্মাণৰ বাবে আফগানিস্তানৰ পৰা অহা দুই এটা মুছলিম পৰিয়াল আছে যদিও বাংলাদেশী মুছলাম ইয়াত থাকিব নোৱাৰিব । দেৱলাল গাৰ্লচাই লগতে উল্লেখ কৰিলে যে, ডিমা হাছাও জিলাত এজন বিধায়ক আছে আৰু অহা বিধানসভা নিৰ্বাচনত বিজেপিৰ যিকোনো এজন প্ৰাৰ্থীক আমি জিকাই আনিম।