অসম

assam

ETV Bharat / state

ডিফুত উন্মোচন 11খনকৈ গ্ৰন্থ - তুলিৰাম ৰংহাং

ডিফুত বুধবাৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় নবীন-প্ৰবীণ লেখকৰ ১১ খনকৈ গ্ৰন্থ ৷ জাম্বলি লিটাৰেৰী ফাউণ্ডেচন চমুকৈ জে এল এফ-ৰ উদ্যোগত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নৱনিৰ্মিত সচিবালয় প্ৰেক্ষাগৃহত গ্ৰন্থকেইখন উন্মোচন কৰা হয় ৷ উক্ত অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ৷

ডিফু
গ্ৰন্থ উন্মোচন

By

Published : Jan 8, 2020, 10:03 PM IST

ডিফু, ৮ জানুৱাৰীঃডিফুত বুধবাৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় নবীন-প্ৰবীণ লেখকৰ ১১ খনকৈ গ্ৰন্থ ৷ জাম্বলি লিটাৰেৰী ফাউণ্ডেচন চমুকৈ জে এল এফ-ৰ উদ্যোগত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নৱনিৰ্মিত সচিবালয় প্ৰেক্ষাগৃহত গ্ৰন্থকেইখন উন্মোচন কৰা হয় ৷ উক্ত অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ৷ লগতে উপস্থিত থাকে সাংসদ হৰেণছিং বে’ প্ৰমুখ্যে পৰিষদৰ কেবাজনো বিষয়ববীয়া ৷

নৱনিৰ্মিত প্ৰেক্ষাগৃহত অনুষ্ঠান

ইপিনে,সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে কয়, ডিফুত একেলগে ১১ খনকৈ গ্ৰন্থ উন্মোচন কৰাটো এক সৌভাগ্যৰ বিষয় ৷ স্থানীয় লেখকসকলক উদগণি দিবলৈ গঠনমূলক গ্ৰন্থ ৰচনা আৰু লেখনিৰ বাবদ কাৰ্বি স্বায়ত্ত শাসিত পৰিষদে ৫০ হাজাৰ টকাকৈ এককালীন সাহাৰ্য দিয়াৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে ৰংহাঙে ৷

লগতে চাওকঃ2018ৰ তুলনাত 2019ত শোণিতপুৰত হ্ৰাস পথ দুৰ্ঘটনাৰ ঘটনা

ABOUT THE AUTHOR

...view details